ডিব্ৰুগড়ৰ গ্ৰীনউড চাহ বাগিচাত সঙ্গীতমৰ সপ্তাহজোৰা গ্ৰীষ্মকালীন শিবিৰ সফল সামৰণি

ডিব্ৰুগড়ৰ গ্ৰীনউড চাহ বাগিচাত সঙ্গীতমৰ সপ্তাহজোৰা গ্ৰীষ্মকালীন শিবিৰ সফল সামৰণি::১৫০ ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়স্থিত সাংস্কৃতিক সংস্থা সঙ্গীতমে ৬ ৰ পৰা ১১ জুলাইলৈ ডিব্ৰুগড় জিলাৰ গ্ৰীনউড চাহ বাগিচাত এক সপ্তাহজোৰা গ্ৰীষ্মকালীন শিবিৰ সফলভাৱে আয়োজন কৰে। বিশ্ববিখ্যাত তথা ” বিশ্বৰ প্ৰথম চাহ উৎপন্ন” হিচাপে পৰিচিত অসম চাহ কোম্পানী ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত এই চাহ বাগিচাত অনুষ্ঠিত শিবিৰত ১৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিবিৰত প্ৰতিদিনে যোগ, সংগীত, নৃত্য, চিত্ৰাংকন আৰু হস্তশিল্পৰ সমান্তৰাল প্ৰশিক্ষণ শ্ৰেণী অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত সকলো অংশ গ্ৰহণকাৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতে শিবিৰৰ শিক্ষাৰ্থীসকলে মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন  কৰে।অনুষ্ঠানত গ্ৰীনউড চাহ বাগিচাৰ জ্যেষ্ঠ প্ৰবন্ধক মোহন সিং জামৱালে সঙ্গীতমৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কোম্পানীৰ মুখ্য চিকিৎসা বিষয়া ডাঃ পূৰ্ণানন্দ খাউণ্ড আৰু সঙ্গীতমৰ উপ-সভানেত্ৰী ডাঃ তৃষ্ণা দুৱৰা কলিতাক চাহ জনগোষ্ঠীৰ শিশু-সন্তানসকলৰ বাবে এনে এক অনুপ্ৰেৰণাদায়ক কাৰ্যসূচীৰ শুভ সূচনা কৰাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰে। সভানেত্ৰীৰ ভাষণত সঙ্গীতমৰ সভানেত্ৰী  মিনাক্ষী বৰুৱাই গ্ৰীনউড পৰিয়ালৰ আন্তৰিক সহযোগিতা আৰু আতিথ্যৰ উচ্চ প্ৰশংসা কৰে। বিশেষকৈ কল্যাণ বিষয়া নীতু সিং, অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকল, সঙ্গীতমৰ সম্পাদক আত্ৰেয়ী বৰুৱা, উপ-সভানেত্ৰী ডাঃ তৃষ্ণা দুৱৰা কলিতা, সমন্বয়ক ডাঃ মৰমী তালুকদাৰ, শ্যামলী ভট্টাচাৰ্য, সঙ্গীতমৰ সদস্যসকল আৰু সকলো ব্যক্তিৰ আন্তৰিক সহযোগিতাৰ বাবেই এই অৰ্থবহ শিবিৰ সফলভাৱে সম্পন্ন হোৱা বুলি তেওঁ উল্লেখ কৰে।জানিব পৰা মতে, অসমৰ চাহ উদ্যোগৰ ইতিহাসত এই ধৰণৰ অনুষ্ঠান প্ৰথম হোৱাত সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।