আঘোনৰ পূৰ্ণিমাৰ ‘মহোহো’ উৎসৱ – বিনু শৰ্মা

আঘোনৰ পূৰ্ণিমাৰ ‘মহোহো’ উৎসৱ 

ঋতু আহে ঋতু যায় – এয়া প্ৰকৃতিৰ চিৰচাৰিত নিয়ম । ঋতুৰ পৰিবৰ্ত্তনে আমাৰ মনলৈ বিভিন্ন অনুভূতি লৈ আহে । দৈনন্দিন জীৱনত ঋতুৰ স্বাভাৱিক প্ৰক্ৰিয়াই আমাক সময়ৰ সৈতে আগবাঢ়িবলৈ শক্তি দিয়ে । প্ৰতিটো ঋতুৰে আছে সুকীয়া বৈশিষ্ট্য আৰু তাৰ মাজেৰে গঢ়ি উঠা পৰম্পৰা । কিয়নো জীৱন শৈলীৰ লগত খাপ খোৱাকৈ আমি পালন কৰি অহা পৰম্পৰা সমূহ চহা জীৱনৰ একোখনি প্ৰাঞ্জল ছবি প্ৰকট কৰি তোলে ।
বিশেষ ভাৱে চহা জীৱনৰ বাবে আঘোন মাহটো অতি গুৰুত্বপূৰ্ণ । আঘোনৰ সোনোৱালী শইচ, মুঠি ঘৰমুৱা হোৱাৰ মূহূৰ্ত বোৰ জীৱনৰ বাবে উল্লেখ যোগ্য । বছৰটোৰ বাবে আবৰি সামৰি লোৱা শইচডৰা আমাৰ বাবে জীৱনদায়িনী । সেয়ে এই সময় চোৱাত পালন কৰো ৰীতি নীতিৰে বহু পৰম্পৰা । এক উৎসৱমুখৰ পৰিবেশ আমাৰ মাজত বিৰাজ কৰে । নতুন শইচৰে ন খোৱাকে আৰম্ভ কৰি অনেক ধৰ্মীয় অনুষ্ঠান পালন কৰা হয় ।
আঘোন মাহৰ পূৰ্ণিমাত পালন কৰা ‘মহোহো’ উৎসৱ ও এক উল্লেখ যোগ্য অনুষ্ঠান । লোক বিশ্বাস আৰু ভক্তিৰ নিদৰ্শন এই উৎসৱ । ‘মহোহো’ উৎসৱ প্ৰধানকৈ কামৰূপ, দৰং গোৱালপাৰা আদি ঠাইত অনুষ্ঠিত হয় । এই উৎসৱক গৰখীয়া উৎসৱ বুলিও কোৱা হয় । চেমনীয়াসকলে বৰ উলাহৰে এই উৎসৱ পালন কৰে । আঘোনৰ পূৰ্ণিমাত চেমনীয়াসকলে হাতত টাঙোন লৈ সন্ধিয়াপৰত গৃহস্থৰৰ পদুলিয়ে পদুলিয়ে মহ খেদাই গীত গায় –

‘আঘোনৰ পূৰ্ণিমা হ’ল
মহ খেইদবা হুকুম হ’ল
অ’ হৰি মহোহো
মহ খেইদবা টাকোন লোঁ….।

গৃহস্থৰ চোতালত ঘুৰি ঘুৰি বাহঁৰ টাঙোনেৰে ঠনঠন শব্দ কৰি খুটি তাল বজায় চাপৰি বজায় গীতবোৰ পৰিবেশন কৰে । এনে গীত মাত বোৰত বাৰ্তা আছে । পৰম্পৰা গত ভাৱে এই গীত বোৰ অতীজৰে পৰা চলি আহিছে। গীত বোৰৰ মাজত উল্লেখ কৰা হয় চাউল আৰু বাহঁ গছ আদিৰ নাম । কেতিয়াবা আক’ গিৰিহঁতক জোকাই ও গীত গায় ফুৰ্তি কৰে । চেমনীয়াহঁতৰ হাঁহি ধেমালিয়ে সকলোকে আনন্দ দিয়ে ।
মহোহো উৎসৱত ভালুক নাচৰো প্ৰচলন আছে । দলৰ এজনে ভালুকৰ দৰে সাজ পিন্ধি গাত শুকান কলগছৰ পাত মেৰিয়াই ভালুকৰ দৰে বাঁহৰ টাঙোন দালৰে শব্দ কৰি মাজত সোমায় নাচে । সেই কাৰনেই গীত নৃত্য বোৰ মনোৰঞ্জন ধৰ্মী হৈ পৰে । বিশ্বাস কৰা হয় মহোহো উৎসৱত মহ খেদাৰ প্ৰয়াস কৰা হয় ।
আঘোন মাহৰ পূৰ্ণিমাত মহ খেদা উৎসৱ পালন কৰা উদ্দেশ্য হ’ল এই সময়ত খেতিয়ক সকলে নিজৰ খেতি খোলা সামৰি আজৰি হয়, দুই চাৰি জন খগভাগ হৈ কথাৰ মহলা মাৰি ফূৰ্তি কৰি সময় কটাই পিছে মহৰ কামোৰত ৰক্ষা নাপায় । মহ খেদিবলৈকে মহ খেদা উৎসৱ পালন কৰা হয়, চেমনীয়াহঁতে পূৰ্ণিমাৰ কিছুদিনৰ আগৰে পৰা বাঁহৰ লাঠি নহ’লেবা কাঠৰ লাঠি ভালকৈ চুঁচি নিজম কৰি লয় ।নৃত্য গীতৰ বাবে নিজকে প্ৰস্তুত কৰে ।গীত পৰিবেশনৰ পাছত গৃহস্থই তেওঁলোকলৈ বটাত, চাউল, পইচা আদি আগবঢ়াই আঠু লয়,চেমনীয়াহঁতে আশীৰ্বাদ দিয়ে ।লোক বিশ্বাস, মতে এই উৎসৱৰ পাছত মহ কমি আহে ।
অসমীয়া সমাজত এক বিশ্বাস আছে – গৰখীয়া, অৰ্থাৎ চেমনীয়াৰ আশীৰ্বাদ ভগৱানৰ কৃপাস্বৰূপ । মহোহো উৎসৱ ও লোক জীৱনৰ এক সংহতিপূৰ্ণ উৎসৱ, ইয়াৰ বাহিৰও অসমীয়া সমাজত বাৰেবৰণীয়া সংস্কৃতিৰে পূৰ্ণ হৈ আছে । জাতি- উপজাতি সকলোৰে মাজত এনে কৃষ্টি বোৰ যুগ যুগ ধৰি চলি আহিছে । সময়ৰ পৰিবৰ্তনে সমাজৰ পৰিবৰ্তন আনিলে ও নিজৰ সংস্কৃতিক জীয়াই ৰখাৰ দায়িত্ব আমাৰ সদায়ই আছে । নৱ প্ৰজন্মক ও সকলো কৃষ্টিৰে সৈতে পৰিচয় কৰি দিয়াতো একান্ত প্ৰয়োজন।

বিনু শৰ্মা
গীতানগৰ