গুৱাহাটীৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বৈঠক

PcEastMojo Assam

গুৱাহাটীৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে জৰুৰী বৈঠক। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই বৈঠকখন।জানিব পৰা মতে, গুৱাহাটী মহানগৰীত সংঘটিত হোৱা অপৰাধজনিত ঘটনাবোৰৰ পৰ্যালোচনাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰা হৈছে। ইফালে, এই বৈঠকত উপস্থিত আছে চুবুৰীয়া জিলাসমূহৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো৷উল্লেখ্য যে, অপৰাধ ৰোধ কৰাৰ বাবে সমাধান সূত্ৰ বিচাৰি আজি এই বৈঠক অনুষ্ঠিত কৰা হয়। কিছুদিন পূৰ্বে গুৱাহাটীৰ পাঞ্জাবাৰীত এগৰাকী ব্যক্তিক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে আৰু আঢ়ৈ লাখ টকা লুটি লৈ যায়।প্ৰতিদিনাই ৰাজ্যত এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাত সাধাৰণ জনতা নিৰাপত্তাহীন হৈ পৰিছে। আৰু জনতাৰ নিৰাপত্তাৰ বাবেই আজি এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে।