অসমৰ ৰাজনৈতিক বিন্যাস আৰু নতুন চিন্তা- দিগন্ত কলিতা

Pc twitter

অসমৰ ৰাজনৈতিক বিন্যাস আৰু নতুন চিন্তা

যোৱা ছমাহত ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপটত অভাবনীয় পৰিবর্তন সম্ভৱ হৈ উঠিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে যি ৰাজনৈতিক পট পৰিৱৰ্তন আহিছে, তাৰ তত্ত্বগত দিশসমূহ বিশ্লেষণ কৰিলে আন কেতবোৰ দিশ সহজে প্রত্যক্ষ কৰিব পাৰি। ৰাজ্যৰ উন্নয়নে যাৰ স্বপ্ন, জনমুখী সেৱাই যাৰ লক্ষ্য, দেশৰ অন্যতম পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰাৰ  বাবে যাৰ কঠোৰ সংকল্প, সেইগৰাকী ব্যক্তিৰ ৰাজনৈতিক স্বৰূপ সহজে অনুমান কৰিব পাৰি। ৰাজ্যৰ আৰ্থ সামাজিক জীৱনধাৰাক ত্বৰান্বিত কৰাৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা আঁচনি আৰু কাৰ্যসূচীয়ে আজি অকল জনসাধাৰণকে নহয়, বিৰোধী পক্ষত থকা ৰাজনীতিকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সকলো আঁচনিকে জনগণৰ মাজলৈ লৈ যোৱাৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপবোৰে জনসাধাৰণৰ মানসিকতাৰ দ্ৰুত পৰিৱৰ্তন সাধন কৰিছে। প্রশাসন আৰু জনসাধাৰণৰ মাজত ব্যৱধান নোহোৱা হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে মধ্যভোগী ব্যৱস্থাটোৰ বিলোপ সাধন হৈ প্ৰতিখন আঁচনিৰে প্ৰত্যক্ষ সুফল সাধাৰণ ৰাইজে পাবলৈ সক্ষম হৈছে। প্ৰতিখন আঁচনি প্ৰতিটো সমষ্টিতে সমভাৱে ৰূপায়িত হোৱাটো চৰকাৰখনৰ সাফল্যৰ অন্যতম দিশ। জনসেৱাই মুখ্যমন্ত্ৰীৰ উদ্দেশ্য। ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-বিকাশ আৰু সম-উন্নয়নৰ বাবে যোৱা ছমাহত গ্ৰহণ কৰা ব্যৱস্থাবোৰৰ বাবে আজি বিৰোধী জনপ্রতিনিধি আৰু ৰাজনীতিকে বিজেপি সম্পৰ্কত থকা পূৰ্বৰ ধাৰণা সলনি কৰিবলৈ বাধ্য হৈ পৰিছে। উন্নয়নৰ ৰাজনীতিয়ে আজি অসমৰ সামগ্রিক উন্নয়নত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা বাবেই বিৰোধী জনপ্রতিনিধি বিজেপিমুখী হৈ পৰিছে।

শেহতীয়াভাৱে অসমত অনুষ্ঠিত উপ-নির্বাচনত বিজেপি মিত্ৰজোঁটে পাঁচখন আসনেই লাভ কৰিছে। বিৰোধী পক্ষৰ দুগৰাকী বিধায়কে পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত পুনৰ বিধায়ক হিচাপে নির্বাচিত হৈ আহিছে। এই উপ-নির্বাচনে কেতবোৰ অন্য দিশহে প্ৰকট কৰিছে। প্ৰতিগৰাকী বিধায়কে ৰাইজৰ আশা আকাংক্ষা ৰূপায়ণৰ বাবে প্ৰয়াস কৰে। তাৰ বাবে এক সুনির্দিষ্ট ৰাজনৈতিক প্লেটফৰ্মৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। সমষ্টিৰ উন্নয়ন অবিহনে ভৱিষ্যৎ ৰাজনৈতিক সুৰক্ষা সম্ভৱ নহয়। এই কথা আজিৰ ৰাজনীতিকসকলে মর্মে মর্মে উপলব্ধি কৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ ঊৰ্ধ্বত বিকাশৰ যি নতুন মাত্রা সংযোজন কৰিছে, তাৰ ফলত আজি অসমে এক নতুন গতিৰে আগুৱাই যাবলৈ সক্ষম হৈছে। উন্নয়ন, তৃণমূল পর্যায়লৈ জনসাধাৰণৰ সমস্যা নিৰাময়ৰ সৰ্বাত্মক প্রয়াসে ৰাজনৈতিক পৰিমণ্ডলক নতুন চেতনা প্ৰদান কৰাটো এগৰাকী দূৰদৰ্শী মুখ্যমন্ত্ৰীৰ বাবেহে সম্ভৱ হৈ পৰিছে। প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে এক বাতাৱৰণ লাভ কৰাই নহয়, এইক্ষেত্ৰত প্রত্যক্ষ অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ইয়ে তেওঁলোকৰ মনত আত্মবিশ্বাসৰ ভাব প্রগাঢ় কৰি তুলিছে। ভাষা, সাহিত্য, সংস্কৃতি, ঐতিহ্য সুৰক্ষিতকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে অসমীয়া জাতিসত্তাৰ চেতনাক নৱৰূপ প্ৰদান কৰিছে।

কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আদর্শই আজি ৰাজনৈতিক সংজ্ঞাৰো পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। ৰাজনীতি সম্পৰ্কত পূৰ্বতে থকা ধাৰণাও আজি সলনি হৈছে।ৰাজনীতি মানেই মিথ্যাচাৰ, স্বাৰ্থান্বেষিকতাৰ স্বৰূপ বুলি পূৰ্বতে থকা ধাৰণা আজি নাইকিয়া হৈছে। নিৰ্বাচনৰ সময়ত বিজেপিয়ে দিয়া প্ৰতিটো আশ্বাস আজি বাস্তৱমুখী ৰূপ লৈছে। ইয়ে জনসাধাৰণৰ মাজত বিশ্বাসযোগ্যতা অধিক বৃদ্ধি কৰিছে। আনকি বিৰোধী পক্ষৰ ৰাজনীতিকসকল মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক দৃষ্টিভংগীৰ সৈতে একমত হ’বলৈ বাধ্য হৈ পৰিছে। পূৰ্বতে ৰাজনৈতিক ক্ষেত্ৰখনত এনে দৃষ্টান্ত দেখিবলৈ পোৱা নগৈছিল। বিৰোধীয়ে শাসক পক্ষক সমালোচনা কৰাটো গণতন্ত্ৰৰে এক পন্থা। আজি বিৰোধীয়ে উন্নয়নৰ স্বৰূপ দেখি সমালোচনাৰ চৰিত্ৰ সলনি কৰিবলৈ বাধ্য হৈছে। ৰাজনীতিৰ সৈতে আৱেগ নহয়, বিবেকৰ আহ্বানৰ প্ৰয়োজন, সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুৱাবলৈ সক্ষম হৈছে। মানৱ সৰবৰাহ, দুর্নীতি, ড্ৰাগছ, দালালৰ বিৰুদ্ধে নিৰন্তৰ অভিযানে নৱপ্ৰজন্মৰ সন্মুখত এখন আলোকময় অসমৰ স্বপ্ন তুলি দিবলৈ সক্ষম হৈছে। আনহাতে, শিৱসাগৰ মহাবিদ্যালয়ত প্ৰদান কৰা বৌদ্ধিক ভাষণ তথা শুৱালকুছিত মহাপুৰুষ শংকৰদেৱৰ বিষয়ত দিয়া সাৰগৰ্ভ ভাষণে ৰাজনীতিকৰ দৰ্শন কেনে হোৱা উচিত, সেই কথাও আজি মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুৱাই দিবলৈ সক্ষম হৈছে। অসমখনক অধিক ক্ষিপ্রগতিৰে আগুৱাই নিবলৈ সাপ্তাহিক কেবিনেটত লোৱা প্ৰতিটো সিদ্ধান্তই জনগণৰ সৰ্বাত্মক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰিছে। সেই কথাবোৰে মানুহৰ মানসিকতাত প্ৰভাৱ পেলাইছে। ইয়ে সমাজখনলৈ ইতিবাচক বার্তা কঢ়িয়াই আনিছে। ক্ষমতাই যে ৰাজনীতিকক অধিক দায়বদ্ধ হ’বলৈ শিকায়, সেই কথা শাসকীয় মন্ত্রী বিধায়কসকলে দেখুৱাই দিবলৈ সুযোগ লাভ কৰিছে। প্ৰতিখন আঁচনিৰে হিতাধিকাৰীসকলে প্ৰতিমাহৰ দহ তাৰিখে প্ৰত্যক্ষ হস্তান্তৰৰ জৰিয়তে নিজৰ প্ৰাপ্য লাভ কৰাটোৱে আজি চৰকাৰী আঁচনিৰ ফলপ্ৰসু দিশটোকে প্রতীয়মান কৰিছে। ঠিক একেদৰে বেদখল উচ্ছেদৰ জৰিয়তে চৰকাৰখনে সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। ‘মিছন বসুন্ধৰা’ৰ জৰিয়তে দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে ৰাজহ ব্যৱস্থাটোৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব। প্ৰশাসনৰ প্ৰাণকেন্দ্ৰস্বৰূপ হৈছে ৰাজ্যিক সচিবালয়। জনসাধাৰণে নিজৰ কামৰ বাবে সচিবালয়লৈ আহিবলগীয়া হয়। ইয়াৰ ফলত অৰ্থ আৰু সময়ৰ অপব্যৱহাৰ হয়। জনসাধাৰণে যাতে ফাইলৰ বাবে দিছপুৰলৈ আহিবলগীয়া নহয়, দুর্ভোগ ভুগিবলগীয়া নহয় আৰু দীর্ঘদিনীয়া ফাইলসমূহৰ মীমাংসা কৰাৰ বাবে ‘সদ্‌ভাবনা’ নামৰ এখন আঁচনিৰ শুভাৰম্ভ কৰিছে। ইয়ে ভৱিষ্যতে জনসাধাৰণৰ ঘৰৰ পৰা অনলাইনযোগে নিজৰ সমস্যা সমাধানৰ পথ প্রশস্ত কৰি তুলিব। যোৱা ছমাহত শান্তিৰ বাতাৱৰণে উন্নয়নৰ নতুন দিশ মুকলি কৰিছে। অস্ত্র সমর্পণ কৰি গণতন্ত্ৰৰ প্ৰতি আস্থাশীল হৈ পৰিছে। সমাজৰ দুৰ্বল শ্রেণী, বৃদ্ধ-বৃদ্ধা, যুৱপ্ৰজন্ম, মহিলাকে ধৰি সকলোৱে সম-সুবিধা আৰু বিকাশৰ সুযোগ লাভ কৰা বাবেই সামগ্রিক ৰাজনৈতিক চৰিত্ৰই নতুন দিশেৰে গতি কৰিবলৈ আৰম্ভ কৰিছে। জনসাধাৰণে ভৱিষ্যতৰ অসমৰ স্বপ্ন দেখিবলৈ আৰম্ভ কৰাটোৱে হৈছে এক ইতিবাচক দিশ। এনেবোৰ বিষয় ৰাজনীতিকসকলেও অনুধাৱন কৰিবলৈ বাধ্য হৈ পৰিছে। কথাৰে নহয়, কৰ্মৰে মুখ্যমন্ত্ৰীয়ে যি আদৰ্শ আৰু দৰ্শন দেখুৱাইছে, তাৰ জৰিয়তে বিৰোধী ৰাজনীতিকসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। অনাগত দিনত ইয়ে ৰাজনৈতিক ক্ষেত্ৰখনক এক নতুনত্ব প্ৰদান কৰাটো সুনিশ্চিত।

দিগন্ত কলিতা,
কমলপুৰ সমষ্টিৰ বিধায়ক