অসমীয়া মানুহৰ গামোচাখনৰ দৰেই চাহ একাপতো হৃদয়ৰ আবেগ জড়িত আছে
অনামিকা (সংগীতা) কলিতা,শুৱালকুছি
হয় “চাহ” এক আমেজ পনীয়া খাদ্য ।খোৱা ব্যক্তি সকলে জানে ইয়াৰ মাদকতা !!ৰাতিপুৱা শুই উঠি একাপ” চাহ ” খালে মন প্ৰাণ সজীৱ কৰি তোলে । বিশেষকৈ চাহ একাপ অসমীয়া মানুহৰ তাহানিৰ দিনৰ পৰাই এতিয়ালৈকে মন মগজুৰ অধিকাৰ কৰি আছে।অসমীয়া মানুহৰ ঘৰত আলহী অতিথি আহিলে প্ৰথম চাহকাপেৰে আপ্যায়ন কৰা হয়।কাজ- কৰ্ম ,উৎসৱ ,বিয়া -সবাহ আদিতো ভক্তপ্ৰাণ ৰাইজক প্ৰথমতে চাহকাপেৰে আৰম্ভণি সেৱা শুশ্ৰূষা কৰে।গতিকে চাহ আৰু অসমীয়া সমাজখনৰ এক নিবিড় সম্পৰ্ক আছে। এই চাহ অসমতে তৈয়াৰ হয়।সেই ফালৰ পৰা অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰি।
পৃথিৱীৰ সকলো দেশৰ ভিতৰত ভাৰতবৰ্ষই” চাহ ” উৎপাদনত দ্বিতীয় স্থান লাভ কৰিছে। এই ক্ষেত্ৰত “ভাৰতবৰ্ষক “আমাৰ “অসম “ৰাজ্যত উৎপাদিত “চাহ” বিশেষ অৰিহনা যোগোই আহিছে। “চাহ “এবিধ এলকহল নথকা স্বাস্থ্যসন্মত গুণগত মানদণ্ডৰ এবিধ পনীয়া খাদ্য ।
চাহগছ জোপোহা এটা জোখৰ ওখ কৰি ৰখা হয়। কলম নিদিলে ওখ ,দীঘল গছ হয় ।সেই কাৰণে কিছুমান নিয়মত ইয়াক ৰূপণ কৰে নিৰ্দিষ্ট জোখত ৰাখে।চাহ গছৰ গুৰিত পানী জমা হ’বলৈ নিদিয়ে,অকণমান এঢলীয়া কৰি দিয়ে ।তেনেদৰে কৰিলেহে চাহ ভালদৰে ঠন ধৰি উঠে ।
অসমৰ হাবিয়ে -বননিয়ে হৈ থকা এই চাহগছ প্ৰথমে অসমত আৱিষ্কাৰ কৰিছিল চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচ নামৰ এজন ইংৰাজ সৈন্যই ১৮২৬চনত। তেওঁ এই গছৰ গুটি আৰু পুলি কলিকতাৰ ‘ৰয়েল বটানিকেল গাৰ্ডেন’লৈ পঠাই দিছিল।
লৰ্ড উইলিয়াম বেণ্টিংক চাহৰ উৎপাদনৰ কাৰণে ভাৰতবৰ্ষৰ ঠাই বিচাৰি ,অসম বাছি লৈছিল ,তাৰ কাৰণে এখন কমিটি গঠন কৰিছিল। তেতিয়ালৈকে চীনৰ চাহপাতে পৃথিৱীৰ বজাৰ দখল কৰি আছিল। তেওঁলোকে অসমৰ মাটি চাহখেতিৰ বাবে অতি উপযুক্ত যেন দেখা পাই লগে লগে উজনি অসমত চাহৰ নাৰ্চাৰি আৰম্ভ কৰিলে । চীনৰ পৰাও গুটি আৰু পুলি আনি ১৮৩৬ চনত ব্ৰুচে অসমত চাহবাগান আৰম্ভ কৰিছিল।তাৰ পিচত ১৮৩৮ চনত চাহপাত তৈয়াৰ কৰি ইংলেণ্ডলৈ পঠাইছিল। ১৯১১চনত যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল ।
পৃথিৱীৰ ভিতৰতে চাহ ৰপ্তনিৰ দেশ হিচাপে ভাৰত এক সুকীয়া স্থান আছে,কিন্তু অসমৰ ৰাজ্যৰ যথেষ্ট অৱদান আছে। চাহপাত আকৌ বেলেগ বেলেগ মানদণ্ডৰ আছে। এটি কলি দুটি পাতৰ পৰা চাহপাত খিনি অতি উত্তম ।
