অশোক চক্ৰৰ ২৪ ডাল শলাৰ বিস্তৃত অৰ্থ আৰু মানৱ জীৱনত ইয়াৰ প্ৰাসঙ্গিকতা
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
ভাৰতীয় জাতীয় পতাকাৰ কেন্দ্ৰস্থলত অৱস্থিত অশোক চক্ৰ কেৱল এক প্ৰতীক বা আলংকাৰিক বস্তু নহয়। ইয়াৰ অন্তৰালত আছে অতি গভীৰ অৰ্থ আৰু সমৃদ্ধ ঐতিহাসিক কাহিনী। মৌৰ্য সম্ৰাট অশোকৰ সিংহ স্তম্ভসমূহৰ পৰা এই চক্ৰৰ ধাৰণা লোৱা হৈছে, যিয়ে ধৰ্ম, ন্যায় আৰু নিৰন্তৰ প্ৰগতিশীল সমাজৰ আদৰ্শক প্ৰকাশ কৰে। ১৯৪৬ চনৰ ২২ জুলাই তাৰিখে সংবিধান সভাই ইয়াক ৰাষ্ট্ৰীয় ধ্বজাত এক প্ৰধান উপাদান হিচাপে গ্ৰহণ কৰাৰ সময়ত, বিশ্বৰ সন্মুখত এক ধৰ্মনিৰপেক্ষ, প্ৰগতিশীল তথা নৈতিক জাতিৰ ছবি দাঙি ধৰিছিল। অশোক চক্ৰৰ এই ২৪ ডাল শলাই দিন-ৰাতিৰ ২৪টা ঘণ্টাক সূচোৱাৰ উপৰি মানৱ জীৱনৰ ২৪টা অতি গুৰুত্বপূৰ্ণ মূল্যবোধক প্ৰতিনিধিত্ব কৰে।
এই গুণসমূহ আমাৰ ব্যক্তিগত বিকাশ, সামাজিক সমন্বয় আৰু এক শক্তিশালী তথা মৰ্যাদাশীল জাতি গঠনৰ বাবে অপৰিহাৰ্য। আমি একোটা জাতি হিচাপে কিমান দূৰ আগবাঢ়িছোঁ, সেয়া এই নীতিসমূহৰ চৰ্চাৰ ওপৰত নিৰ্ভৰ কৰে। আজিৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, য’ত মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে, তেনে সময়ত এই শলাসমূহে আমাক সঠিক পথ দেখুৱায়। আমাৰ জাতীয় পতাকাৰ ত্ৰিৰংগা অংশই দেশৰ ঐক্য আৰু ত্যাগক বুজাই, কিন্তু কেন্দ্ৰৰ এই চক্ৰটোৱে আমাৰ চৰিত্ৰ আৰু বিবেকক প্ৰতিনিধিত্ব কৰে। একোটা সুশৃংখল জীৱন যাপন কৰিবলৈ আৰু সমাজৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিবলৈ এই নীতিসমূহ আয়ত্ত কৰাটো প্ৰতিজন ভাৰতীয়ৰ বাবে অত্যন্ত জৰুৰী। এই পৰ্যালোচনাত আমি অশোক চক্ৰৰ এই ২৪টা নীতিৰ অৰ্থ আৰু আমাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। ই আমাক সোঁৱৰাই দিয়ে যে আমি যদি এক উন্নত সমাজ গঢ়িব বিচাৰোঁ, তেন্তে আমাৰ চিন্তা আৰু কাৰ্য এই নীতিসমূহৰ সৈতে সংগতি ৰাখি আগবাঢ়িব লাগিব। আমাৰ আগন্তুক প্ৰজন্মক এই মূল্যবোধবোৰৰ লগত পৰিচয় কৰাই দিয়াটো আমাৰ পৱিত্ৰ কৰ্তব্য।
এই ২৪ ডাল শলাৰ অৰ্থ তলত বিশদভাৱে ব্যাখ্যা কৰা হ’ল:
১. প্ৰেম (Love): প্ৰেম হৈছে এক সৰ্বজনীন, শক্তিশালী আৰু মহৎ অনুভূতি। ইয়াৰ পৰিসৰ অত্যন্ত ব্যাপক, য’ত সকলো জীৱ, প্ৰকৃতি আৰু মানৱতাৰ প্ৰতি নিস্বাৰ্থ সদিচ্ছা থাকে। এই অনুভূতিৰ জৰিয়তে মানুহে ইজনে সিজনক আন্তৰিকতাৰে বুজিবলৈ, বিপদৰ সময়ত সহায় কৰিবলৈ আৰু ঘৃণা তথা বিভাজনৰ ওপৰত বিজয় লাভ কৰিবলৈ অনুপ্ৰাণিত হয়। প্ৰেমৰ দ্বাৰা সম্পৰ্কসমূহ গভীৰ আৰু শক্তিশালী হৈ পৰে।
২. সাহস (Courage): সাহস মানে ভয়, বেদনা, বিপদ বা অনিশ্চয়তাৰ মাজতো নৈতিকতা আৰু আদৰ্শৰ প্ৰতি অটল থকা। ই মানসিক দৃঢ়তা, নৈতিক শক্তি আৰু নিজৰ বিশ্বাসৰ প্ৰতি থকা অটল আস্থাৰ এক শক্তিশালী প্ৰতীক। এজন সাহসী ব্যক্তিয়ে অন্যায়ৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়ে আৰু নতুন প্ৰত্যাহ্বানক সাহসেৰে গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। সাহস অবিহনে জীৱনৰ কোনো মহান লক্ষ্যত উপনীত হ’ব নোৱাৰি।
৩. ধৈৰ্য (Patience): কোনো অসুবিধা, প্ৰত্যাহ্বান বা দীঘলীয়া অপেক্ষাৰ সময়তো মনক শান্ত আৰু স্থিৰ কৰি ৰখাই হৈছে ধৈৰ্য। ই পৰিস্থিতিক সহন কৰা আৰু সঠিক সময়ৰ বাবে পৰিকল্পনা কৰি অপেক্ষা কৰাৰ এক দুৰ্লভ ক্ষমতা। ধৈৰ্যশীল ব্যক্তিয়ে জীৱনৰ উত্থান-পতনবোৰ অধিক ফলপ্ৰসূভাৱে মোকাবিলা কৰিব পাৰে। এই গুণটোৱে ব্যক্তিক মানসিক শান্তি আৰু নিৰন্তৰ প্ৰচেষ্টাৰ বাবে শক্তি যোগায়।
৪. শান্তি (Peace): শান্তি মানে সংঘাত, হিংসা, যুদ্ধ বা বিশৃংখলতাৰ অনুপস্থিতি। ই এক নিৰ্মল আৰু সুসংহত অৱস্থাক বুজায়। ই কেৱল বাহ্যিক যুদ্ধৰ সমাপ্তি নহয়, ব্যক্তিৰ মনৰ ভিতৰত থকা এক সন্তুষ্টি আৰু স্থিৰতাৰ অৱস্থাও। শান্তি অবিহনে প্ৰকৃত উন্নতি সম্ভৱ নহয়, কাৰণ ই এক হিংসামুক্ত আৰু সুসংহত সমাজৰ আধাৰ।
৫. ত্যাগ (Sacrifice): মহৎ উদ্দেশ্য বা সমাজৰ কল্যাণৰ বাবে নিজৰ কোনো মূল্যৱান বস্তু, সুবিধা, সুখ বা স্বাৰ্থ স্বেচ্ছাই এৰি দিয়াই ত্যাগ। ই নিস্বাৰ্থতা, আনৰ প্ৰতি গভীৰ দায়বদ্ধতা আৰু সামূহিক স্বাৰ্থক ব্যক্তিগত স্বাৰ্থতকৈ ওপৰত স্থান দিয়াৰ এক উচ্চ মনোভাৱক প্ৰতিনিধিত্ব কৰে। ত্যাগৰ জৰিয়তে সমাজত পাৰস্পৰিক সহায় আৰু একতাৰ ভাৱ বৃদ্ধি পায়।
৬. নৈতিকতা (Morality): মানুহৰ আচৰণ, সিদ্ধান্ত আৰু চৰিত্ৰক নিয়ন্ত্ৰণ কৰা সঠিক আৰু ভুলৰ নীতি-নিয়মেই নৈতিকতা। ই ন্যায়, সততা, সৎপৰায়ণতা আৰু মানৱীয় মূল্যবোধৰ আধাৰত গঢ়ি উঠা এক মানদণ্ড। নৈতিকতাই মানুহক সঠিক পথত চলিবলৈ সহায় কৰে আৰু এক সুস্থ তথা বিশ্বাসযোগ্য সমাজৰ ভেটি স্থাপন কৰে।
৭. সেৱা (Service): সমাজৰ কল্যাণৰ বাবে নিস্বাৰ্থভাৱে কাম কৰাটোৱেই সেৱা। নিজৰ সুবিধাৰ বাবে নহৈ আনৰ প্ৰয়োজন পূৰণ কৰা, দুখীয়াক সহায় কৰা আৰু সমগ্ৰ মানৱতাৰ উপকাৰৰ বাবে নিজৰ শক্তি উৎসৰ্গা কৰাই সেৱাৰ প্ৰকৃত অৰ্থ। সেৱাৰ মনোভাৱে সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰে।
৮. ক্ষমা (Forgiveness): আনৰ ভুল, অপকাৰ বা অপমানৰ বাবে তেওঁক আন্তৰিকতাৰে ক্ষমা কৰাই ক্ষমাৰ পৰিচয়। ই অতীতৰ ক্ৰোধ, তিক্ততা আৰু প্ৰতিশোধৰ ভাৱ ত্যাগ কৰি মনক মুক্ত কৰে। ক্ষমা মানৱতাৰ এক মহৎ গুণ, যিয়ে সম্পৰ্কসমূহক পুনৰ গঢ়ি তুলিবলৈ সহায় কৰে।
৯. বন্ধুত্ব (Friendship): পাৰস্পৰিক বিশ্বাস, বুজাবুজি, মৰম আৰু সমৰ্থনৰ আধাৰত গঢ়ি উঠা গভীৰ ব্যক্তিগত সম্পৰ্কই বন্ধুত্ব। ই সুখ-দুখত ইজনে সিজনক সহায় কৰা আৰু জীৱনৰ যাত্ৰা উপভোগ কৰাৰ এক অমূল্য বন্ধন। ভাল বন্ধুসকলে জীৱনক অধিক আনন্দময় আৰু অৰ্থপূৰ্ণ কৰি তোলে।
১০. নিয়ন্ত্ৰণ (Control): নিজৰ আৱেগ, চিন্তা, বাক্য আৰু কাৰ্যকলাপক সংযত কৰি ৰখাৰ ক্ষমতাই আত্ম-নিয়ন্ত্ৰণ। কোনো বাহ্যিক উদ্দীপনাৰ প্ৰতি তৎক্ষণাত প্ৰতিক্ৰিয়া নকৰাকৈ নিজৰ মন আৰু শৰীৰক নিয়ন্ত্ৰণত ৰখাৰ শক্তিয়েই এজন ব্যক্তিক সুশৃংখল জীৱন যাপনত সহায় কৰে। ই জীৱনৰ ভুল সিদ্ধান্তবোৰ হ্ৰাস কৰে।
১১. প্ৰজ্ঞা (Wisdom): জ্ঞান আহৰণ কৰাৰ উপৰি সেই জ্ঞানক সঠিকভাৱে, সময়মতে আৰু নৈতিকতাৰ সৈতে প্ৰয়োগ কৰাৰ ক্ষমতাই প্ৰজ্ঞা। অভিজ্ঞতা আৰু গভীৰ চিন্তাৰ জৰিয়তে লাভ কৰা অন্তৰ্দৃষ্টিয়ে জীৱনৰ জটিল সমস্যা সমাধানত পথ প্ৰদৰ্শন কৰে। প্ৰজ্ঞাৱান ব্যক্তিয়ে পৰিস্থিতিৰ গভীৰতা বুজি কাৰ্য কৰে।
১২. বিশ্বাস (Trust): আন এজন ব্যক্তি বা কোনো ব্যৱস্থাৰ প্ৰতি গভীৰ আস্থা ৰখাই বিশ্বাস। ই সামাজিক সম্পৰ্কৰ মূল আধাৰ আৰু এক সুস্থ সমাজৰ বাবে অপৰিহাৰ্য। বিশ্বাসে মানুহৰ মাজত নিৰাপত্তা আৰু সম্প্ৰীতি বৃদ্ধি কৰে আৰু সমাজক অধিক শক্তিশালী কৰে।
১৩. অনুভূতি (Sentiment): আনৰ আৱেগ, দুখ-কষ্ট আৰু পৰিস্থিতি বুজিবলৈ সক্ষম হোৱা আৰু সহানুভূতি প্ৰকাশ কৰাই অনুভূতি। এই গুণটোৱে মানুহক সংবেদনশীল কৰি তোলে আৰু সমাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰে। সহানুভূতিশীল ব্যক্তিৰ কাৰ্যই আনৰ মনত স্বস্তিৰ পৰশ আনে।
১৪. আত্ম-সন্মান (Self-respect): নিজৰ মূল্য, মৰ্যাদা আৰু সামৰ্থ্য বুজি নিজকে নিজেই সন্মান কৰাই আত্ম-সন্মান। নিজৰ ওপৰত বিশ্বাস ৰখা আৰু আনৰ দ্বাৰা অপমানিত হ’বলৈ নিদিয়াৰ শক্তিশালী মনোভাৱে ব্যক্তিক আত্মবিশ্বাসী কৰি তোলে। আত্ম-সন্মান থাকিলেহে এজন ব্যক্তিয়ে আনক সন্মান কৰিব পাৰে।
১৫. গুণী (Virtuousness): উচ্চ নৈতিক গুণাগুণ, সৎ চৰিত্ৰ আৰু আদৰ্শপূৰ্ণ আচৰণৰ অধিকাৰী হোৱাটোৱেই গুণী হোৱা। ই সততা, দয়া, সাহস, ন্যায় আৰু উদাৰতাৰ একত্ৰিত ৰূপ। এজন গুণী ব্যক্তি সমাজে অনুকৰণ কৰিব পৰা আদৰ্শ হৈ পৰে আৰু তেওঁৰ চৰিত্ৰই আনক নৈতিকভাৱে অনুপ্ৰাণিত কৰে।
১৬. কাৰ্য (Deeds): চিন্তা বা পৰিকল্পনাত সীমাবদ্ধ নাথাকি বাস্তৱত কোনো কাম কৰি দেখুওৱাই কাৰ্য। কথাৰ পৰিৱৰ্তে বাস্তৱিক পদক্ষেপ আৰু প্ৰচেষ্টাৰ দ্বাৰা সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰি। কৰ্মই মানুহক পৰিচয় দিয়ে আৰু লক্ষ্যত উপনীত হোৱাত সহায় কৰে।
১৭. দায়িত্ব (Responsibility): নিজৰ কৰ্তব্য, ভূমিকা আৰু দায়বদ্ধতা পালন কৰিবলৈ প্ৰস্তুত থকাটোৱেই দায়িত্ব। ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক ক্ষেত্ৰত নিজৰ অংশ পালন কৰা আৰু কাৰ্যৰ ফলাফলৰ বাবে দায়বদ্ধ থকাই এজন দায়িত্বশীল ব্যক্তিৰ পৰিচয়।
১৮. জ্ঞান (Knowledge): অধ্যয়ন, অভিজ্ঞতা বা অনুসন্ধানৰ জৰিয়তে লাভ কৰা বুজাবুজি আৰু দক্ষতাই জ্ঞান। ই বিশ্বক বুজিবলৈ, সমস্যা সমাধান কৰিবলৈ আৰু অজ্ঞতা তথা অন্ধবিশ্বাস দূৰ কৰিবলৈ মানুহক সক্ষম কৰে। জ্ঞান অবিহনে প্ৰগতি অসম্ভৱ।
১৯. সততা (Truthfulness): সঁচা কথা কোৱা, প্ৰতিশ্ৰুতি ৰক্ষা কৰা আৰু কোনো ছল-কপট নোহোৱাকৈ স্পষ্ট আচৰণ কৰাই সততা। সততাই বিশ্বাস আৰু সম্পৰ্কৰ ভেটি স্থাপন কৰে আৰু এক মৰ্যাদাশীল সমাজ গঢ়ি তোলে। সততা অবিহনে কোনো সমাজেই সৰ্বকাল জীয়াই থাকিব নোৱাৰে।
২০. প্ৰত্যুৎপন্নমতিত্ব (Righteousness): নৈতিকভাৱে সঠিক, ন্যায়সংগত আৰু সৎ পথ অনুসৰণ কৰাই প্ৰত্যুৎপন্নমতিত্ব। কঠিন পৰিস্থিতিতো অন্যায়ৰ পৰা আঁতৰি থাকি সত্য আৰু ধৰ্মৰ পথত চলাটোৱেই জীৱনৰ সৰ্বোত্তম আদৰ্শ।
২১. সাম্য (Equality): জাতি, ধৰ্ম, লিংগ বা অৰ্থনৈতিক অৱস্থাৰ পাৰ্থক্য নোহোৱাকৈ সকলো মানুহক সমান হিচাপে গণ্য কৰাই সাম্য। ই সকলোৰে বাবে সমান অধিকাৰ আৰু সুযোগ নিশ্চিত কৰে, যিয়ে এক বৈষম্যহীন সমাজৰ ভেটি গঢ়ে।
২২. ন্যায় (Justice): সকলোৰে প্ৰতি ন্যায্য আচৰণ কৰা, আইন আৰু নৈতিক নীতি অনুসৰি সিদ্ধান্ত লোৱা আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিযাই ন্যায়। ই অপৰাধীৰ শাস্তি আৰু নিৰপৰাধীৰ সুৰক্ষাকো সামৰি লয়, যিয়ে সমাজত সুৰক্ষা আৰু শৃংখলাৰ ভাৱ সৃষ্টি কৰে।
২৩. স্থিতিশীলতা (Stability): মনৰ, আৱেগিক আৰু সামাজিকভাৱে সুস্থিৰ হৈ থকাৰ ক্ষমতাই স্থিতিশীলতা। সংকট বা প্ৰত্যাহ্বানৰ সময়তো নিজৰ শান্ত অৱস্থা বজাই ৰাখিলেহে সঠিক সিদ্ধান্ত লোৱা সম্ভৱ হয়। স্থিতিশীলতাই ব্যক্তি আৰু সমাজক সঠিক দিশত আগুৱাই লৈ যায়।
২৪. আশা (Hope): ভৱিষ্যতৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আৰু দৃঢ় বিশ্বাস ৰখাই আশা। ই কঠিন সময়ত মানুহক আগুৱাই যাবলৈ প্ৰেৰণা যোগায় আৰু হতাশ নোহোৱাকৈ বাধাক অতিক্ৰম কৰিবলৈ অপৰিসীম শক্তি দিয়ে। আশা অবিহনে জীৱন অৰ্থহীন হৈ পৰে।
অশোক চক্ৰৰ এই ২৪টা নীতি পুথিগত বিদ্যাৰ বিষয় হিচাপে নাৰাখি প্ৰতিজন ভাৰতীয়ৰ দৈনন্দিন জীৱনৰ অংগ কৰা উচিত। জাতীয় পতাকাৰ কেন্দ্ৰত অৱস্থিত এই চক্ৰটোৱে আমাক সোঁৱৰাই দিয়ে যে ভাৰত এখন গতিশীল আৰু প্ৰগতিশীল জাতি। এই নীতিসমূহ কেৱল প্ৰতীকী নহয়, ইহঁত আমাৰ চৰিত্ৰ গঢ়াৰ সঁজুলি। আধুনিক পৃথিৱীৰ স্বাৰ্থপৰতা আৰু প্ৰতিযোগিতাৰ মাজত আমি এই মূল্যবোধবোৰ হেৰুৱাই পেলাইছোঁ। কিন্তু এখন সুন্দৰ ভৱিষ্যতৰ বাবে এই নীতিবোৰক আমাৰ শিক্ষা ব্যৱস্থা আৰু সামাজিক জীৱনত পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ চৰিত্ৰ আৰু বিবেকৰ উন্নতি অবিহনে দেশৰ প্ৰকৃত প্ৰগতি সম্ভৱ নহয়।
সামৰণিত ক’ব পাৰি যে, স্বাধীনতাৰ এই অৰ্থ কেৱল বিদেশী শাসনৰ পৰা মুক্তি নহয়, বৰঞ্চ নিজৰ কু-অভ্যাস আৰু অৰাজকতাৰ পৰা মুক্তি লাভ কৰাটোহে প্ৰকৃত স্বাধীনতা। অশোক চক্ৰৰ প্ৰতিটো শলাই আমাক সোঁৱৰাই দিয়ে যে সময় সদায় গতিশীল। এই গতিশীলতাৰ লগে লগে আমি নিজৰ নৈতিকতা আৰু সত্যৰ শিপা মজবুত কৰি ৰাখিব লাগিব। আমি যিমানেই উচ্চ শিক্ষা বা উন্নতি লাভ নকৰোঁ কিয়, আমাৰ অন্তৰত এই ২৪টা মূল্যবোধ থকাটো জৰুৰী। যি জাতিয়ে নিজৰ জাতীয় গৌৰৱ আৰু আদৰ্শক সন্মান কৰে, সেই জাতিয়েই বিশ্ব দৰবাৰত শিৰ উন্নত কৰি থিয় হ’ব পাৰে। আমি সকলোৱে সংকল্প ল’ব লাগিব যে আমি কেৱল ভাৰতীয় বুলি পৰিচয় দিয়াই নহয়, এগৰাকী নৈতিক, সততাৱান আৰু দায়িত্বশীল নাগৰিক হিচাপে নিজকে গঢ়ি তুলিম। আমাৰ এই প্ৰচেষ্টা যেন প্ৰতিটো মুহূৰ্তত দেশৰ প্ৰগতিত অৰিহণা যোগায়। এই চক্ৰৰ দৰেই আমাৰ জীৱন আৰু প্ৰচেষ্টা দেশৰ মংগলৰ বাবে চিৰদিন গতিশীল হৈ থাকক। বন্দে মাতৰম্! জয় হিন্দ!
