বৰ্তমান সময়ত অসমৰ সংবাদ মাধ্যম: বিশ্বাসযোগ্যতাৰ সংকট আৰু স্বয়ম্ভূ সাংবাদিকৰ দপদপনি
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
প্ৰস্তাৱনা:
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি অভিহিত সংবাদ জগতখনে বৰ্তমান সময়ত অসমত এক গভীৰ নৈতিক সংকটৰ মাজেৰে গতি কৰিছে। এসময়ত যি বৃত্তি আছিল সমাজৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ, আজিকালি সেই বৃত্তিৰে একাংশ লোকৰ বাবে ধন ঘটা আৰু ক্ষমতা প্ৰদৰ্শনৰ সহজ উপায় হৈ পৰিছে। ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ সুযোগ লৈ গঢ়ি উঠা অনিয়ন্ত্ৰিত ডিজিটেল প’ৰ্টেলসমূহে অসমৰ প্ৰকৃত সাংবাদিকতাৰ মৰ্যাদা ধূলিস্যাৎ কৰিছে।
১/ শিক্ষাগত অৰ্হতা আৰু প্ৰশিক্ষণৰ অভাৱ:
আজিকালি মেট্ৰিক ফেইল কৰা ল’ৰা এজনেও ফেচবুকত এটা নিউজ পেজ খুলি লৈয়েই নিজকে ডাঙৰ সাংবাদিক বুলি পৰিচয় দিয়া দেখা যায়। বাতৰিৰ আঁৰৰ স্ক্ৰিপ্টখন কেনেকৈ লিখিব লাগে, এজন ব্যক্তিক কেনেকৈ মৰ্যাদা সহকাৰে বাইট (Bite) বা সাক্ষাৎকাৰ ল’ব লাগে— তাৰ নূন্যতম জ্ঞান তেওঁলোকৰ নাথাকে। ছ’চিয়েল মিডিয়াক বাহন কৰি লোৱা এইসকল যুৱক প্ৰকৃততে সাংবাদিক নহয়, বৰঞ্চ একো একোজন সামাজিক মাধ্যমৰ ‘গেংষ্টাৰ’হে হৈ পৰিছে, যাৰ লক্ষ্য কেৱল সস্তীয়া জনপ্ৰিয়তা আৰু ভিউজ (Views) বুটলা।
২/ ব্লেকমেইলিং আৰু “চান্দা” সংস্কৃতি:
বৰ্তমান সময়ত আটাইতকৈ ভয়ংকৰ প্ৰৱণতাটো হৈছে বাতৰিৰ বাণিজ্যিকীকৰণ আৰু ব্লেকমেইলিং। একাংশ প’ৰ্টেল সাংবাদিকে বিভিন্ন চিআইডি (CID) বা চিবিআই (CBI) তকৈও ওপৰত গৈ সমাজৰ কলা অধ্যায়বোৰ, যেনে— অবৈধ কয়লা-বালিৰ ব্যৱসায়, চোৰাং কাৰবাৰ বা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ঘাটি বিচাৰি উলিয়ায়। কিন্তু তেওঁলোকৰ উদ্দেশ্য এই অপৰাধবোৰ সমাজৰ আগত ফাদিল কৰা নহয়; বৰঞ্চ সেই তথ্য দেখুৱাই অপৰাধী বা দুৰ্নীতিগ্ৰস্ত চহকী নেতাজনৰ পৰা মোটা অংকৰ পইচা আদায় কৰা। পইচা পালে তেওঁলোকৰ মুখ বন্ধ হৈ যায় আৰু বাতৰিটো কেতিয়াও পোহৰলৈ নাহে। আনহাতে, পইচা নিদিলে সেইয়া ফেচবুকত ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়া হয়। এনেদৰে অবৈধ ধন ঘটি এই স্বয়ম্ভূ সাংবাদিকসকলে দামী গাড়ী, বিলাসী অট্টালিকাৰে হাই-প্ৰফাইল জীৱন অতিবাহিত কৰা দেখা গৈছে।
৩/ অনুষ্ঠান আৰু কাৰ্যালয়ত মিতিৰালি:
এইসকল প’ৰ্টেল সাংবাদিকৰ কাম হ’ল দিনৰ ভাগত বিভিন্ন পূজা, সভা বা স্থানীয় অনুষ্ঠানসমূহত কেমেৰা-মাইক লৈ ঘূৰি ফুৰা আৰু গধূলি নিজৰ পেজত সেইবোৰ লাইভ বা শ্বেয়াৰ কৰা। চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ অসৎ মুৰব্বী বা ক্ষমতাশালী লোকসকলৰ সৈতে তেওঁলোকৰ অতি ভাল চিনাকী থাকে। এই মিতিৰালিৰ বাবেই তেওঁলোকে ডাঙৰ মানুহৰ অপৰাধবোৰ দেখিও নেদেখাৰ ভাও ধৰে, কাৰণ তাৰ বিনিময়ত তেওঁলোকে মাজে-সময়ে উপহাৰ বা ধন লাভ কৰে।
৪/ নিষ্ঠাবান সাংবাদিকৰ অস্তিত্ব:
এই সমগ্ৰ কলুষিত পৰিৱেশটোৰ মাজতো কিন্তু অসমত আজিও একাংশ নিষ্ঠাবান, সৎ আৰু নীতিবাদী সাংবাদিক জীয়াই আছে। অতি কম দৰমহা বা সীমিত সা-সুবিধাৰ মাজতো বহু গ্ৰাম্য সংবাদদাতাই নিজৰ জীৱন তুচ্ছ কৰি বানপানী, বন্যপ্ৰাণী-মানুহৰ সংঘাত বা দুৰ্নীতিৰ প্ৰকৃত বাতৰি সমাজৰ আগলৈ আনে। কিন্তু ভুৱা সাংবাদিকৰ বানপানীত এইসকল প্ৰকৃত সাংবাদিকৰ সততা আজিকালি ম্লান পৰি গৈছে।
সামৰণি:
সংবাদ মাধ্যমৰ এই বিপৰ্যয় কেৱল সংবাদ জগতৰে ক্ষতি নহয়, ই সমগ্ৰ অসমীয়া সমাজখনৰে অপকাৰ সাধন কৰিছে। প্ৰকৃত সাংবাদিকতা জীয়াই ৰাখিবলৈ চৰকাৰে এনে ভুৱা ডিজিটেল প’ৰ্টেল আৰু “প্ৰেছ” ষ্টিকাৰ লগাই ঘূৰি ফুৰা তোলাবাজসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে। একে সময়তে সাধাৰণ ৰাইজেও সস্তীয়া লাইভ ভিডিঅ’ চাই পিয়াপি দি ফুৰা ভুৱা সাংবাদিকক প্ৰশ্ৰয় দিয়া বন্ধ কৰিব লাগিব।
