ইয়াতেই আছিল উজনিৰ গাঁওখন
ছেলিমা বেগম,নগাঁও
ইয়াতে আছিল উজনিৰ গাঁওখন,
পলকতে উটোৱাই লৈ যায় মৰমৰ গাঁওখন।
নিঃশেষ হৈ গ’ল গাঁওৰ সমস্ত ,
স্নেহৰ বান্ধোন ছিঙি পলকতে উটোৱাই লৈ গৈছে।
থানবান হৈ পৰিল একো একোটা পৰিয়াল,
আকাশে বতাহে এটাই হুমুনিয়াহ কলৈ যাব কি কৰিব।
কাল ৰূপ ধাৰণ কৰি কিয় আহিলি বান,
উটুৱাই লৈ যায় গোহালিৰ গৰুহাল।
ক’ত যে জীৱ-জন্তু চৰাই চিৰিকতি আদি কৰি প্ৰাণ হেৰুৱায়।
ক’ত যে মাতৃৰ বুকুৰ ধন কাঢ়ি লৈ গ’ল।
গাঁৱৰ বাসিন্দা ক’ত আছে নাই কোনো খবৰ।
য’ত পৰি আছে ধ্বংস লীলা।
দিশহাৰা জীৱন নাই কোনো উপায়
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ।
শুবলৈ নাই বিচনা খাদ্য বিচাৰি মগনিয়া।
ধনী দুখীয়া সকলোৱে লঘোনে
জীৱিকাৰ সন্ধানত গাঁওবাসীয়ে চিৎকাৰ।
জীৱিকাৰ সন্ধানত গাঁওবাসীয়ে চিৎকাৰ।
সপোনৰ ঘৰখন ইয়াতেই আছিল
ক’ত যে সপোন বাস্তৱত আছিল।
সন্তানৰ উজ্বল ভৱিষ্যত কামনা কৰি হায়ৰে হায় ! মূৰে কপালে হাত!
