অম্বুবাচী /আমতি আৰু দেৱী মা কামাখ্যা ধামৰ নিবিড় সম্পৰ্ক আছে
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ ।বৈদিক যুগৰ পৰা কিছুমান নীতি নিয়মৰ মাজেৰে হিন্দু সকলে নিজৰ জীৱন ধাৰণ কৰে । পৃথিৱীক মাতৃ হিচাপে তুলনা কৰা হয়।অসমৰ লোকসকলে আমতি এক পৰম্পৰা ধৰ্মীয় অনুষ্ঠান পৌৰাণিক যুগৰ পৰাই পালন কৰি আহিছে।
অসমীয়া বাৰটা মাহৰ ভিতৰত অন্যতম আহাৰ মাহত অম্বুবাচী মানে আমতি পালন কৰা হয়। আমতি ষাঁঠ লগা বা প্ৰবৃত্তি আৰু নিবৃত্তি ষাঁঠ ভঙা । কামৰূপ জিলাৰ বাসিন্দা হিচাপে “মা কামাখ্যা ধাম ” নিলগত নহয় কাৰণে ৰীতি- নীতিৰ সৈতে আমি পৰিচিত। মা কামাখ্যা ধাম আমাৰ গাঁওৰ পৰা মাত্ৰ ৩০ কি:মি: দূৰত্ব। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দেশ-বিদেশৰ পৰাও অনেক ভক্ত মা কামাখ্যা ধামলৈ আহে।বিশেষকৈ অম্বুবাচীৰ সময়ত ঋষি-মুনী আদি কৰি অনেক ভক্ত নীলাচল পাহাৰ ভৰি পৰে।এয়া যে দেৱী মাঁ আৰু ভক্ত সকলৰ নিবিড় সম্পৰ্ক।
দেৱী মাঁ কামাখ্যা ৰাজস্বলা হোৱা আমতিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।বছৰত এবাৰ এই সময়ত দেৱী মা অসুচী হয়।মা কামাখ্যা ধাম ভোলানাথ শিৱৰ অৰ্ধাঙ্গিনী দেৱী সতীৰ এটা অংশ নীলাচল পৰ্বতত পৰি সৃষ্টি হৈছিল বুলি কোৱা শুনিছোঁ । তেওঁ কেনেকৈ দেহ ত্যাগ কৰিছিল ইয়াত এটা কাহিনী জড়িত আছে,সেইটো আলোচনা পিচত এদিন কৰিম ।
আমতিৰ ষাঁঠ অৰ্থাৎ প্ৰবৃত্তি হয় সেইদিনাৰ পৰাই কামাখ্যাৰ দুৱাৰ বন্ধ কৰি দিয়ে । প্ৰবৃত্তি কেইদিন কৃষি কৰ্ম যেনে -গছৰ ফলমূল বা তামোল পাণ আদি কোনো পাৰিব নিদিয়ে ।চুৱা থাকে বুলি কয়। আমতিৰ ষাঁঠ ভাঙে নিবৃত্তি হয় ।কামাখ্যা দুৱাৰ খোলা খায়। সেই দিনাৰ পৰা সকলো মাঙ্গলিক অনুষ্ঠান কৰিব পাৰি ।কিন্তু বৰ্তমান নিয়ম বোৰ সলনি হৈছে তথাপিও কিছুমান নিয়ম এতিয়াও আছে ।ষাঁঠ লগা কেইদিন নামঘৰ/দেৱালয় আদিত চাকি দিয়া নহয় ।
