লিমাৰিক
মালবিকা দেৱী,শোণিতপুৰ,হুগ্ৰাজুলি
(১)
খুড়ীয়ে বনাব বোলে কঁঠালৰ পিঠা,
মাক ক’লে খাই চাওক আছেনে মিঠা।
মায়ে খাম বুলি ল’লে,
মোকো খোৱা বুলি ক’লে।
খাওঁতে হাতত লাগিল বহুত আঠা।
(২)
বাৰীত এতিয়া কঁঠাল বোৰ পকিছে,
পকা ফল দেখি বৌৰ খাব মন গৈছে।
মন গ’লে কিনো হ’ব,
ডাক্তৰেও বাধা দিব।
মুখৰ বাবে বৌ বিছনাত পৰি আছে।
