লিমাৰিক – উমা দেৱী

Pc উইকিপিডিয়া

লিমাৰিক 

উমা দেৱী

ক)

ৰামুই ফটাজাল লৈ মাছ মাৰে বাৰে
জালত সোমোৱা মাছ তেনেই যে পৰে
হায় মোৰ যে কপাল
জাল কৰিলে দুফাল
আনৰ মাছ দেখি তাৰ চকুলো সৰে।

খ)
কান্দি কান্দি যে আহিছ কি হ’লনো তোৰ
মাছ ও নাই যে কি কৰিলে নেকি চুৰ
দিলি ত ই ফটাজাল
মাছবোৰ যমকাল
সব পানীত পৰে ভাগত নাই মোৰ।