ধেমাজিৰ হাঁহচৰাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ২জন নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজিৰ হাঁহচৰাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ পুখুৰীত বাগৰি পৰাৰ ফলত থিতাতে ভাৰতীয় ষ্টেট বেংকৰ দুজন বিষয়া-কৰ্মচাৰীৰ মৃত্যু হয়। এই শোকাৱহ ঘটনাই সমগ্ৰ ধেমাজি জিলাৰ লগতে মৃত বিষয়াদুজনৰ বাসগৃহতো শোকৰ ছাঁ পেলাইছে। নিহত বেংক কৰ্মচাৰী দুজন ক্ৰমে- ধেমাজি শাখাৰ কেচ অফিচাৰ হীৰকজ্যোতি মিলি আৰু একাউণ্টেণ্ট ৰাতুল কোঁৱৰ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বিগত প্ৰায় ৩ বছৰে SBI ৰ ধেমাজি শাখাত কৰ্মৰত হৈ থকা এই দুয়োগৰাকী বিষয়াই অলপতে অন্য ঠাইলৈ বদলিৰ নিৰ্দেশ পাইছিল। ইয়াৰে হীৰকজ্যোতি মিলিয়ে লখিমপুৰলৈ আৰু ৰাতুল কোঁৱৰে গোগামুখলৈ বদলিৰ নিৰ্দেশ লাভ কৰিছিল। এই বদলি আদেশৰ পাছতেই সতীৰ্থ কৰ্মচাৰীসকলে যোৱা শনিবাৰে দুয়োৰে বিদায় সভা পাতিছিল। কিন্তু কোনেও ভবা নাছিল যে এই বিদায়েই তেওঁলোকৰ জীৱনৰ চিৰবিদায় হৈ পৰিব। বিদায় পাৰ্টীত অংশ লৈ ঘৰলৈ বুলি ৰাওনা হৈছিল দুয়ো। কিন্তু গুটুং হাঁহচৰা পোৱাৰ পিছতেই ঘটে সেই ভয়ংকৰ বিপৰ্যয়। নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ এটা গভীৰ পুখুৰীত বাগৰি পৰে বাহনখন। পানীৰে উপচি থকা পুখুৰীটোৰ মাজত আবদ্ধ বাহনখনৰ পৰা ওলাই অহাৰ কোনো সুযোগেই নাপালে দুয়ো। ফলত বাহনৰ ভিতৰতে শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় দুই বিষয়াই।এই খবৰ বিয়পি পৰাৰ লগে লগেই জোনাই আৰু ঢকুৱাখনাৰ দুখনকৈ ঘৰত এতিয়া কান্দোনৰ ৰোল। জোনাইৰ হিৰক জ্যোতি মিলি আৰু ঢকুৱাখনাৰ ৰাতুল কোঁৱৰৰ বাসগৃহত এতিয়া কেৱল হাহাকাৰ। দুয়োকে হেৰুৱাই বাকৰুদ্ধ মাক-দেউতাক, পৰিয়ালৰ লোক। বৰ্তমান দুয়োৰে মৃতদেহ ধেমাজি সদৰ আৰক্ষী থানাত ৰখা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ দুটা শোকসন্তপ্ত পৰিয়ালক চমজাই দিয়া হ’ব। এটা আনন্দৰ নিশাই যে দুখনকৈ ঘৰলৈ এনেদৰে চিৰকালৰ বাবে অন্ধকাৰ নমাই আনিব, তাক যেন এতিয়াও সহজভাৱে ল’ব পৰা নাই পৰিয়াল তথা আত্মীয়ই।
