অভিশপ্ত পৰশুকুণ্ড “–সুষমা গোস্বামী

pc-youtube

” অভিশপ্ত পৰশুকুণ্ড ” ___

যমদগ্নি নামেৰে , প্ৰখ্যাত এক মুনি
তেওঁৰ পুত্ৰ পৰশুৰাম , আছিল মহাজ্ঞানী ।
পত্নী তেওঁৰ ৰেণুকা দেৱী , আছিল মহাসতী
পতিব্ৰতা হৈও তেওঁ , নাপালে স্বিকৃতী ।
ৰেণুকা দেৱী পৰিল এদিন , স্বামীৰ ক্ৰোধানলে
তিনিসন্ধ্যা কালে সতী , দেহা বিসৰ্জীলে ।
দেখে মুনি পানী নাই , পূজাৰ স্থানে
নদীৰ তীৰলৈ বুলি , ৰেণুকাক পাঁচে ।
অমোঘাৰ ঔৰসে জন্মি, পুত্ৰ হৈল বন্দী
দেৱগণে চিন্তা কৰে দিবলৈ মুক্তি ।
স্বৰ্গৰ দেৱগণ বৰ ছলনাময়ী
ভাৱিপালে ৰেণুকাকহে উপযুক্ত বুলি ।
ছলনাৰে অপ্সৰাগণক মৰ্ত্ত্যলৈ পথালে
পৰিগণে নদীৰ তীৰত , নৃত্য আৰম্ভিলে ।
নদীৰ তীৰত আহি সতী , হৈয়া উপস্হিত
দেখি নৃত্যৰ ছন্দত তেওঁ হ’ল মোহিত ।
ভুলিলে সকলো কথা , নিজকো গ’ল পাহৰি
পূজাৰ উদ্দেশ্যে সতী , নিব লাগে পানী ।
স্বামীৰ ক্ৰোধাগ্নী তাতে দুগুণে জ্বলিল
নালাগে এনে পত্নী অৱজ্ঞা বাঢ়িল।
শিৰচ্ছেদ কৰাম মই , আহক এত কালে
ধ্যনত জানিলে মুনি , পাৰিব পৰশুৰামে ।
কাষলৈ মাতি পুত্ৰক , মনৰ কথা ক’লে
কৰি বহু পলমে সতী, গৃহলৈ ঘূৰিলে ।
মুনিৰ বাক্য অমান্য কৰে , সাধ্য আছে কাৰ ?
নোলাব ত্ৰিজগতে , যদিহে কৰা যায় চলাথ ।
পিতৃ বাক্য মানি ৰামেও , কুঠাৰ ল’লে তুলি
আৰ্জ্জিলে মহাপাপ , মাতৃৰ শিৰচ্ছেদ কৰি ।
এদিন দুদিন কৰি বহু বছৰ গ’ল
তথাপিতো হাতৰ কুঠাৰ , হাততেই ৰ’ল ।
মহাপাপৰ জ্বালাত ৰাম , দহি দহি মৰে
অন্তৰ্য্যামী নাৰদে আহি বুজাবলৈ ধৰে ।
মাতৃহন্তা মহাপাপ তোমাৰ , হ’ব মোচন
যদিহে কৰা তুমি তীৰ্থ ভ্ৰমণ ।
তিব্বতৰ শিখৰত , অভিশাপে ভ্ৰষ্ট হৈ , আছে ব্ৰহ্মকুণ্ড
যোঁৱা ৰাম তালৈকে তুমি , কৰাগৈ তেওঁক মুক্ত ।
বৈ যাওক অভিশপ্ত পানীৰ যুৱলি তাৰ
হ’ব খণ্ডন পাপ তোমাৰ , খহিব কুঠাৰ ।
যমদগ্নিৰ পুত্ৰ ৰামে , বোৱোৱালে ঢাৰ
কৰিলে মোচন পাপ , খহিলে কুঠাৰ ।
সেই দিন ধৰি কুণ্ড , হ’ল অভিহিত
” পৰশুকুণ্ড ” নামেৰে সৰ্ব্বজন বিদিত ॥॥॥

সুষমা গোস্বামী ,