চীনত পুনৰ কৰʼনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি

pc-PAHO

চীনত পুনৰ কৰʼনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা– কৰʼনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চীনত পুনৰ আতংকৰ সৃষ্টি হৈছে।দেশখনৰ জিয়াংশ্বু প্ৰান্তত কৰʼনাৰ সংক্ৰমণ ধৰা পৰিছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে নানজিঙত ১১ জন, য়ংজহো চহৰত ২৬ জন আৰু বুৱাআন চহৰত ৩ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। জিয়াংশ্বুত চিকিৎসাধীন হৈ থকা কৰʼনা ৰোগীৰ সংখ্যা ২৯৭ জনলৈ বৃদ্ধি পায়। উল্লেখ্য যে চীনৰ ১৮ টা প্ৰান্তত কৰংনাৰ ডেল্টা ভাইৰাছ বিয়পি পৰিছে। চীনৰ ৰাজ্যসমূহৰ ২৭ খন চহৰত বিগত ১০ দিনত ৩০০ সংক্ৰমমৰ ঘটনা চিনাক্ত হৈছে। চহৰবোৰৰ ভিতৰত বেইজিং, জিয়াংশ্বু আৰু ছিচুৱানো আছে।

(R.T)