অভিনেতা ধীৰেন ভট্টাচাৰ্যদেৱৰ দুখন গ্ৰন্থ উন্মোচন 

অভিনেতা ধীৰেন ভট্টাচাৰ্যদেৱৰ দুখন গ্ৰন্থ উন্মোচন 

ৰঙিলী বাৰ্ত্তাসেৱা- ধীৰেনপাৰা- উজ্জ্বলনগৰ কালী মন্দিৰ পৰিচালনা সমিতি আৰু স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ যৌথ উদ্যোগত এন এছ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বিশিষ্ট লেখক,নাট্যকাৰ,পৰিচালক,অভিনেতা ধীৰেন ভট্টাচাৰ্যদেৱৰ গল্প সংকলন ‘নিকুঞ্জ বনৰ পখী’ আৰু সামাজিক নাট ‘অমানুহ’ গ্ৰন্থ দুখন ১ মে’ত শ্ৰীশ্ৰী কালী মন্দিৰ মঞ্চত শুভ উন্মোচন কৰা হয়৷ সভাপতিত্ব কৰে-ৰমেশ চন্দ্ৰ শৰ্মা,সভাপতি,ধীৰেনপাৰা-উজ্জ্বলনগৰ কালী মন্দিৰ পৰিচালনা সমিতি৷ গল্প সংকলন ‘নিকুঞ্জ বনৰ পখী’ উন্মোচন কৰে ড° কমল শৰ্মা,অৱসৰপ্ৰাপ্ত অধ্যাপক,পূব কামৰূপ মহাবিদ্যালয়৷ নাট্য গ্ৰন্থ ‘অমানুহ’ উন্মোচন কৰে -সুশীল চন্দ্ৰ বৰঠাকুৰ,অৱসৰপ্ৰাপ্ত অধ্যাপক,আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে-কুমুদ শৰ্মা,সভাপতি,জনসেৱা৷ প্ৰকাশকৰ দায়িত্বত-নুৰুল হক আহমেদ৷সাংবাদিক,সম্পাদক,জনসেৱা৷ অনুষ্ঠানটো আঁত ধৰে-অৰূপ কলিতা,সম্পাদক,ধীৰেনপাৰা-উজ্জ্বলনগৰ কালী মন্দিৰ পৰিচালনা সমিতি৷আৰম্ভণি গীত পৰিৱেশন কৰে ‘জনসেৱা’ৰ সদস্য,সংগীত শিল্পী বৰ্ণালী কলিতাই৷সদস্য গকুল বৰুৱা,আকবৰ আলী আহমেদে ভাষণ দিয়ে৷শলাগৰ শৰাই আগবঢ়াই সদস্য নৱপ্ৰসাদ শৰ্মাই৷