মধ্যপ্ৰদেশৰ জব্বলপুৰত নৌকা দুৰ্ঘটনাত ৯ যাত্ৰীৰ প্ৰাণহানি

Pc Tarun Bharat

মধ্যপ্ৰদেশৰ জব্বলপুৰত নৌকা দুৰ্ঘটনাত ৯ যাত্ৰীৰ প্ৰাণহানি

ৰঙিলী বাৰ্ত্তাসেৱা-  মধ্যপ্রদেশত সংঘটিত হৈছে এক শোকাৱহ দুর্ঘটনা। নর্মদা নদীত ডুব গ’ল এখন পর্যটকবাহী ক্রুজ।  বৃহস্পতিবাৰে সন্ধিয়া বৰগী বান্ধত এই দুর্ঘটনা সংঘটিত হয়। ক্রুজখনত মুঠ ২৯জন লোক আছিল বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰী দলে ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। অৱশ্যে নিহত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্রকাশ কৰা হৈছে। আবেলি প্রায় ৫ বজাত বিশাল আৰু গভীৰ নর্মদা নদীত এখন ক্রুজত বহি জলভ্রমণ উপভোগ কৰি আছিল পর্যটকসকলে। ক্রুজখনত শিশু, মহিলা আৰু বয়োজ্যেষ্ঠসহ মুঠ ২৯জন লোক আছিল। হঠাৎ ধুমুহা আৰম্ভ হোৱাত ডাঙৰ ডাঙৰ ঢৌ উঠিবলৈ আৰম্ভ কৰে আৰু ক্রুজখন অস্বাভাৱিকভাৱে দুলিবলৈ ধৰে। তাৰ পিছতেই প্রচণ্ড ঢৌৱে ক্রুজখনত আঘাত কৰাত কাঁচ ভাঙি সেই ভঙা অংশৰে তীব্রগতিত পানী সোমাবলৈ আৰম্ভ কৰে। নৈখনত ক্রুজখন ডুবাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাত ঘটনাস্থলীত আৰক্ষী-প্ৰশাসন আৰু এছডিআৰএফৰ দল উপস্থিত হয়। স্থানীয় ডুবাৰুৰ সহযোগত এছডিআৰএফ আৰু আৰক্ষীয়ে পানীত ডুবি নিৰুদ্দিষ্ট লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে। অভিযানকাৰী দলে ১৫জন লোকক পানীৰ পৰা উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভর্তি কৰায়। দুৰ্ঘটনাৰ সময়ত ক্রুজখনত ২৯জন লোক আছিল। ইয়াৰে ১৫জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু ৯জনৰ মৃতদেহ বর্তমানলৈ পোৱা হৈছে। বাকীকেইজন নিৰুদ্দেশ হৈ আছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছতহে মুঠ ভুক্তভোগীৰ সংখ্যা সঠিককৈ জনা যাব।আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহাৰ পিছতে এই দুর্ঘটনা সংঘটিত হয়। জবলপুৰৰ ক্ৰুজ দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ মোহন যাদৱে ৷ মুখ্যমন্ত্ৰী যাদৱে সামাজিক মাধ্যমত দিয়া পোষ্টত কয়, ‘‘শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ৷’’ আনহাতে আহতসকলক ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য ঘোষণা কৰিছে চৰকাৰে।