উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ শিৱাশিস শাণ্ডিল্য

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ শিৱাশিস শাণ্ডিল্য

ৰঙিলী বাৰ্ত্তাসেৱা- উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লখিমপুৰৰ আঞ্চলিক বন বিষয়া শিৱাশিষ শাণ্ডিল্য । চৰকাৰী আবাসতে ১২ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ আঞ্চলিক বন বিষয়া ১২ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে দুর্নীতিগ্রস্ত বিষয়াজনক ধৰা পেলালে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযানকাৰী দলে। লখিমপুৰ নগৰস্থিত বিভাগীয় আৱাসত বিয়লি এজন ডাম্পাৰৰ পৰা ১২ হাজাৰ টকা লওঁতেই অভিযানকাৰী দলে হাতে-লোটে ধৰে বন বিষয়াজনক। জানিব পৰা মতে অমৃত গগৈ নামৰ লখিমপুৰৰ এজন ডাম্পাৰৰ গৰাকীয়ে দিয়া অভিযোগ মর্মে বন বিষয়াজনে উৎকোচ লওতেই অভিযানকাৰী দলে হাতে-লোটে ধৰা পেলায়। অমৃত গগৈয়ে জনোৱা মতে মাহেকীয়াকৈ ধন নিদিয়াৰ বাবে কেইদিনমানৰ পূৰ্বে তেওঁৰ এখন ডাম্পাৰ বন বিষয়াজনে জব্দ কৰিছিল। যদিও পাছত এৰি দিয়ে। মাহেকীয়াকৈ ধন নিদিয়াৰ বাবেই ডাম্পাৰখন ধৰিছিল। ১২ হাজাৰ টকা মাহেকীয়া কিস্তিত বন বিষয়াজনে দাবী কৰে। সেয়ে তেওঁ দুর্নীতি নিবাৰক সঞ্চালকালয়ক বিষয়টো অৱগত কৰি আজি বিয়লি বন বিষয়াজনক ১২ হাজাৰ টকা মাহেকীয়া দিবলৈ যায়। টকা দিয়াৰ লগে লগে খাপপিটি থকা অভিযানকাৰী দলে বন বিষয়া শিৱাশিস শাণ্ডিল্যক হাতে-লোটে ধৰে। বৰ্তমান বিভাগীয় আৱাসত দলটোৱে বিষয়াজনক বিয়লিৰ পৰা সন্ধিয়াপর্যন্ত জেৰা কৰাৰ লগতে বিভাগীয় নথি-পত্ৰসমূহ পৰীক্ষা কৰি আছে। লগতে তেওঁৰ কাৰ্যালয়ৰ পৰা কেইবালাখ টকা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।