বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- দেশত বাণিজ্যিক চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি পালে। শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৯৯৩ টকাকৈ বৃদ্ধি পালে।এই মুহূৰ্তত ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হোৱা নাই যদিও বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ ফলত বাণিজ্যিক পাকঘৰ আৰু সৰুসুৰা ব্যৱসায়ীসমূহত ইয়াৰ প্ৰভাৱ পৰিব। ৰেষ্টুৰেণ্ট, পদপথৰ কাষৰ সৰুসুৰা খাদ্য বিপণীসমূহ, বেকাৰী, ক্লাউদ কিটচেন আদিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। এই দাম বৃদ্ধিৰ ফলত ৰাজধানী দিল্লীত এটা বাণিজ্যিক চিলিাকৈ ণ্ডাৰৰ দাম হ’বগৈ ৩,০৭১.৫০ টকা। এইপর্যন্ত পেট্র’ল আৰু ডিজেলৰ দাম বঢ়োৱা হোৱা নাই। দেশৰ তেল বিপণন কোম্পানীসমূহে ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰসমূহৰ দাম ৯৯৩ টকাকৈ বৃদ্ধি কৰাৰ ফলত বিভিন্ন প্রস্তুত খাদ্যৰ দাম একেকোবে বহুখিনি বৃদ্ধি পোৱাৰ শংকা দেখা গৈছে। বিশেষকৈ ৰেষ্টুৰেণ্ট, হোটেল আৰু সৰুসুৰা ব্যৱসায়ীসকলে এই ব্যৱসায়িক চিলিণ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে বাবে ইয়াৰ দাম বৃদ্ধিয়ে তেওঁলোকক বেয়াকৈ প্রভাৱিত কৰিব। তাৰ মাজতে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম অপৰিৱৰ্তিত হৈ থকাত সাধাৰণ নাগৰিকৰ বাবে কিছু সকাহ দায়ক হ’ব।ৰেস্তোৰীৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত প্রত্যক্ষ প্রভাৱ পেলাব। তাৰ স্বাভাৱিক পৰিণাম হিচাপে খাদ্য-সামগ্ৰীৰ দামো বৃদ্ধি পাব। তাৰোপৰি ইয়াৰ পিছতে ঘৰুৱা চিলিণ্ডাৰৰ দামো বৃদ্ধি হোৱাটো অৱধাৰিত। আনহাতে, শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈয়েই ৫ কেজিৰ সৰু চিলিণ্ডাৰৰ দামো ২৬১ টকা বৃদ্ধি কৰা হৈছে।
