চামিমৰ তেজ লগা কাপোৰ মঠঘৰীয়াৰ পাহাৰৰ নলাত উদ্ধাৰ 

চামিমৰ তেজ লগা কাপোৰ মঠঘৰীয়াৰ পাহাৰৰ নলাত উদ্ধাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- মঠঘৰীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীয়ে প্ৰাণ হেৰুওৱা ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতেই নিত্যনতুন ৰহস্য পোহৰলৈ আনিছে। ২৫ এপ্ৰিলৰ পুৱতি নিশা সংঘটিত দুর্ঘটনাটোত নিমিষতে তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাইছিল যদিও সৌভাগ্যক্রমে ঘটনাটোত প্রাণ ৰক্ষা পৰিছিল চালক চামিম আহমেদৰ। আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে ঘটনাটোৰ সৈতে জড়িত দ্বিতীয়টো চিচি টিভিৰ দৃশ্য।  চিচি টিভিৰ দৃশ্যত পোহৰলৈ অহা তথ্য অনুসৰি দুঘটনাটোৰ কিছু মুহূৰ্তৰ পাছতে আঘাতপ্রাপ্ত বান্ধৱী তিনিগৰাকীক বাহনখনত এৰি নিৰ্বিকাৰভাৱে আন ঠাইলৈ গমন কৰিছিল চামিমে। আওহতীয়া এলেকাটোত উপস্থিত হৈ নিজৰ তেজলগা কাপোৰ আৰু সুৰাৰ বটল এটা নলালৈ নিক্ষেপ কৰি নতুন পোছাক পৰিধান কৰি আন এখন কেবযোগে পলায়ন কৰিছিল চামিমে। দৃশ্যটোত দেখা অনুসৰি ভয়ংকৰ ঘটনাটোৰ পাছতো সম্পূর্ণ সুস্থ হৈ আছিল চামিম। মহানগৰ আৰক্ষীয়ে উক্ত ভয়ানক ঘটনাৰ তদন্ত অব্যাহত ৰাখি চামিম আহমেদক লৈ শ্বিলঙত অভিযান চলায়। দুর্ঘটনাটোৰ পাছতে তেজ লগা কাপোৰ বৰাপানীত পেলাই দিয়া বুলি আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ পাছতেই ধৃত চামিমক লৈ তদন্ত কৰিছিল আৰক্ষীয়ে। কিন্তু তাত কোনোধৰণৰ তথ্য লাভ নকৰাৰ পাছত আৰক্ষীয়ে পুনৰ এই সন্দৰ্ভত চামিমক সোধা পোছা কৰাত কাপোৰখিনি মঠঘৰীয়াৰ এটা নলাত নিক্ষেপ কৰাৰ কথা অৱগত কৰে। সেইমৰ্মে আৰক্ষীয়ে মঠঘৰীয়াৰ পাহাৰ এলেকাত অভিযান চলাই এটা নলাৰ পৰা চামিমৰ তেজলগা কাপোৰখিনি জব্দ কৰে। অকল সেয়াই নহয়, কাপোৰৰ লগতে সুৰাৰ বটল এটাও আৰক্ষীয়ে নলাটোৰ পৰা জব্দ কৰে। উল্লেখ্য যে চামিম আহমেদৰ অধিবক্তাই ঘটনাটোৰ সময়ত চামিমে গাড়ী চলোৱা নাছিল বুলি সংবাদ মাধ্যমক বিভ্রান্ট কৰাৰ চেষ্টা চলাইছিল। কিন্তু গাড়ীখনৰ লগতে জব্দকৃত তথ্যপাতিসমূহত ফ’ৰেনছিক বিশেষজ্ঞই চামিমৰ আঙুলিৰ চাপ উদ্ধাৰ কৰিছিল। গতিকে সিদিনাখন অভিশপ্ত গাড়ীখন চামিমে যে চলাইছিল তাত কোনো সন্দেহৰ অৱকাশ নাছিল। তদুপৰি সেইদিনাখন আৰক্ষীয়ে মৃত পূজা সাহাৰ ম’বাইল ফোনটো জব্দ কৰিব পৰা নাছিল যদিও শেহতীয়াকৈ নাৰেংগীৰ এটা ছাত্রী নিৱাসৰ সমীপৰ নলাৰ পৰা ম’বাইল ফোনটো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীৰ এটা সূত্ৰই সদৰী কৰা মতে ঘটনাৰ দিনা শ্বিলঙলৈ পলায়ন কৰাৰ মুহূৰ্তত চামিম আহমেদে পূজা সাহাৰ ম’বাইল ফোনটো লগত নিছিল। কিছুদূৰ অতিক্ৰম কৰাৰ পাছতেই ম’বাইল ফোনটো মৃত পূজা সাহাৰ ছাত্ৰী নিৱাসৰ পৰা কিছু দুৰৈৰ নলাত নিক্ষেপ কৰিছিল। নিজকে ভয়ংকৰ পথ দুৰ্ঘটনাৰ অভিযোগৰ পৰা ৰক্ষা কৰিবলৈ চামিমে এনেধৰণৰ নিকৃষ্ট পন্থা গ্রহণ কৰিছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিছে বুলি সূত্ৰটোৱে সদৰী কৰিছে। আৰক্ষীয়ে পূজা সাহাৰ পৰীক্ষাৰ বাবে ফ’ৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে। চামিম আহমেদক আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰি নিজৰ জিম্মাত বিচাৰি আৱেদন জনাব বুলি জানিব পৰা গৈছে।