ৰামদিয়াৰ বিশিষ্ট সমাজকৰ্মী কন্দৰ্প নাথ তালুকদাৰৰ এবছৰীয়া মৃত্যু তিথিত সোঁৱৰণী গ্ৰন্থ স্মৃতিৰপাপৰি উন্মোচন

ৰামদিয়াৰ বিশিষ্ট সমাজকৰ্মী কন্দৰ্প নাথ তালুকদাৰৰ এবছৰীয়া মৃত্যু তিথিত সোঁৱৰণী গ্ৰন্থ স্মৃতিৰপাপৰি উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা–  সত্ৰনগৰী ৰামদিয়া সমাজ সাহিত্য সংস্কৃতিৰ লগত জড়িত চৰকাৰী আইন মহাবিদ্যালয়ৰ অৱসৰী মুখ্য গ্ৰন্থাগাৰিক কন্দৰ্প নাথ তালুকদাৰদেৱৰ এবছৰীয়া মৃত্যু তিথি উপলক্ষে পৰিয়ালবৰ্গৰ উদ্যোগত নিজ বাসভৱনত আয়োজিত আদ্য শ্ৰাদ্ধ অনুষ্ঠানত ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ধীৰেন্দ্ৰ নাথ কলিতাদেৱৰ পৌৰহিত্যত অনুষ্ঠিত স্মাৰক গ্ৰন্থ উন্মোচনী সভাত মহেন্দ্ৰ নাথ ডেকা সম্পাদিত সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰে শিক্ষাবিদ ৰামচৰণ ভৰালীদেৱে, ৰামদিয়াৰ জ্যোতিষ – ভাস্কৰ সদানন্দ শৰ্মা ৰাজমেধিয়ে স্তোত্ৰ পাঠেৰে সভাৰ আৰম্ভণি কৰে ,ভাস্কৰজ্যোতি তালুকদাৰে কবিতা আবৃত্তি কৰে . উদ্দেশ্য বাখ্যা কৰে সোঁৱৰণী গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক মহেন্দ্ৰ নাথ ডেকাই শেষত কন্দৰ্প নাথ তালুকদাৰদেৱৰ ভাতৃ মনেশ্বৰ তালুকদাৰদেৱে শলাগৰ শৰাই আগবঢ়াই ৷ সভাৰ প্ৰাকমুহুৰ্তত প্ৰয়াত তালুকদাৰদেৱৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বালন, মালাৰ্পনত অংশ লয় গ্ৰন্থ উন্মোচক শিক্ষাবিদ ৰামচৰণ ভৰালী, গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ কলিতা, জ্যোষ্ঠ অৱসৰী শিক্ষক নবীন চন্দ্ৰ মেধি , তালুকদাৰদেৱৰ সহ ধৰ্মিনী, পুত্ৰ, ভাতৃ সহ একাংশ সদস্যই ।উক্ত অনুষ্ঠানটোৰ আত ধৰে সমাজকৰ্মী অতুল চন্দ্ৰ কাকতিয়ে।