ৰাজ্যত কোভিডত আৰোগ্যৰ হাৰ ৯৮.৪২ শতাংশ 

pc- Vaisala

ৰাজ্যত কোভিডত আৰোগ্যৰ হাৰ ৯৮.৪২ শতাংশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৪২ শতাংশ হৈছে। যোৱা ২৪ ঘণ্টাত ৩৩৫ জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৬ লাখ এহেজাৰ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যত বিগত ২৪ ঘণ্টাত ৪২ হাজাৰ ৪৬৪টা নমুনা পৰীক্ষাৰ অন্তত ২৯৬ জন লোকৰ দেহত ক’ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ১১৬ জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যত কালি সংক্রমণৰ হাৰ আছিল ০.৭০ শতাংশ। সম্প্রতি ২,২৮১ জন চিকিৎসাধীন কোভিড ৰোগী আছে। ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ ৭ জন লোকে প্রাণ হেৰুৱায়৷ আনহাতে, দেশত বৰ্তমানলৈকে কোভিড প্রতিষেধকৰ ১০৬ কোটি ৭৯ লাখতকৈও অধিক পালি প্রদান কৰা হৈছে। ইয়াৰ ভিতৰত ৭৩ কোটি ৪৩ লাখৰো অধিক লোকে প্রথম পালি প্রতিষেধক গ্রহণ কৰাৰ বিপৰীতে ৩৩ কোটি ৩৬ লাখৰো অধিক লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে।