২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নির্গমণৰ লক্ষ্যত উপনীত হোৱাৰ আঁচনি গ্ৰহণঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc- Business Today

২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নির্গমণৰ লক্ষ্যত উপনীত হোৱাৰ আঁচনি গ্ৰহণঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নির্গমণৰ লক্ষ্যত উপনীত হোৱাৰ আঁচনি গ্ৰহণ কৰিছে। এই লক্ষ্যৰ সৈতে সংগতি ৰাখি ২০৩০ চনৰ ভিতৰত দেশত অজীৱাহ্ণ শক্তিৰ ক্ষমতা ৫০০ গিগাৱতলৈ বৃদ্ধি কৰি নির্গমণ হ’বলগীয়া কাৰ্বনৰ পৰিমান ১ বিলিয়ন টন হ্রাস কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগʼত আয়োজিত জলবায়ু অভিৱৰ্তন উপলক্ষে বিশ্বৰ নেতাসকলৰ সন্মিলনত প্ৰকাশ কৰা এটা ৰাষ্ট্ৰীয় বিবৃতিত এই কথা ঘোষণা কৰে। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৭ শতাংশই ভাৰতত বাস কৰে যদিও নির্গমনৰ ক্ষেত্ৰত দেশখনৰ অৱদান মাত্র ৫ শতাংশ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পেৰিছ চুক্তি আখৰে আখৰে পালন কৰা ভাৰতেই হ’ল মূল অর্থ ব্যৱস্থাৰ একমাত্র দেশ। আনহাতে, অভিৱর্তন উপলক্ষে আয়োজন কৰা এখন অধিৱেশনত ভাষণ দি প্রধানমন্ত্রী মোদীয় জলবায়ু বিতৰ্কত অভিযোজনৰ বিষয়টোকো প্রশমনৰ সমানে গুৰুত্ব আৰোপ কৰিবলৈ বিশ্বৰ নেতাসকলক আহ্বান জনায়। আনহাতে, এই অভিৱৰ্তনৰ অৱসৰত শ্ৰী মোদী আৰু বৃটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনৰ মাজত কালি অনুষ্ঠিত এখন বৈঠকত প্রযুক্তি উদ্ভাবন, সেউজ হাইদ্ৰজেনৰ অভিযোজন, নিকা আৰু নবীকৰণযোগ্য প্রযুক্তি আদি বিষয়ক লৈ আলোচনা কৰা হয়।