ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি ভোটাৰৰ সংখ্যা

Pc- Zee News

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি ভোটাৰৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  ১০ মাহৰ ব্যৱধানত ৰাজ্যত ৪,৭৮,০০১  জন ভোটাৰৰ সংখ্যা বৃদ্ধি।অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত প্ৰকাশ কৰা সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকাত এই কথা স্পষ্ট হৈছে। ২০২২ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মূল ভোটাৰৰ সংখ্যা হৈছে ২,৩৪,৬৬,৮০৬জন। ২০২১ চনৰ ১৮ জানুৱাৰীত প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাত ২,২৯,৯২,৫০৫জন নাগৰিকৰ নাম সন্নিবিষ্ট হৈছিল। অর্থাৎ ১৮ জানুৱাৰীৰ পৰা আজিৰ দিনটোলৈ প্ৰায় ১০ মাহৰ ভিতৰতে অসমত ৪,৭৪,৩০১জন ভোটাৰ বৃদ্ধি পাইছে। বিশেষ সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাসকলৰ ভিতৰত ১,১৮,২৫,৩৮১জন পুৰুষ হোৱাৰ বিপৰীতে ১,১৫,৭৭,০৬৫ গৰাকী মহিলা। তদুপৰি ৩৮৭ গৰাকী তৃতীয় লিংগৰ আৰু ৬৩,৯৬৪জন ছাৰ্ভিচ ভোটাৰ আছে।