ৰাজ্যৰ ১৭টা ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীৰ প্ৰযোজকলৈ ১০ লাখকৈ এককালীন আর্থিক সাহায্য
ৰঙিলী বাৰ্ত্তাসেৱা – মুখ্যমন্ত্রী ড°শৰ্মাই গুৱাহাটীৰ কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত প্ৰযোজকসকলক আর্থিক সাহায্যৰ চেক প্রদান কৰে। ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বান মোকাবিলা কৰাত আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাংস্কৃতিক বিভাগে গ্ৰহণ কৰা এক পদক্ষেপৰ অংশ হিচাপে ৰাজ্যৰ ১৭টা ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীৰ প্ৰযোজকলৈ ১০ লাখকৈ এককালীন আর্থিক সাহায্য প্রদান কৰে। এই উক্ত অনুষ্ঠানত বক্তব্য প্রদান কৰি মুখ্যমন্ত্ৰী ড°শৰ্মাই কয় যে ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে অসমৰ ঐতিহ্য আৰু এই থিয়েটাৰ উদ্যোগক জীয়াই ৰাখিবলৈ যৌথ প্রচেষ্টাৰে আগবাঢ়িব লাগিব। বিগত দুটা বছৰ ক’ভিড মহামাৰীৰ ফলস্বৰূপে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ যথেষ্ট অর্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে। এই উদ্যোগৰ সৈতে জড়িত কলা-কুশলীসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যোৱা দুবছৰ ৰাজ্যত কোনো থিয়েটাৰে নাট মঞ্চস্থ কৰিব পৰা নাই৷ অৱশ্যে শেহতীয়াকৈ ক’ভিড প্ৰট’কল মানি ভ্ৰাম্যমাণ থিয়েটাৰসমূহক নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছে। কেইবাটাও নাট্যগোষ্ঠীয়ে ইতিমধ্যে প্রদর্শনী আৰম্ভ কৰিছে। ক’ভিডৰ প্রত্যাহ্বান এতিয়াও শেষ হোৱা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড°শৰ্মাই কয় যে এই প্রত্যাহ্বান গ্ৰহণ কৰি আমি আগুৱাই যাব লাগিব। ৰাজ্য চৰকাৰে ভ্ৰাম্যমাণ উদ্যোগটোৰ বাবে বিগত সময়ছোৱা বহুতো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২০-২১ বিত্তীয় বৰ্ষত ভ্ৰাম্যমাৰৰ ৯৭৪গৰাকী শিল্পী, কলা কুশলীক ৫০ হাজাৰ টকাকৈ এককালীন আর্থিক সাহায্য আগবঢ়োৱা হৈছে। আর্থিক সাহায্য লাভ কৰা থিয়েটাৰ গোষ্ঠীসমূহ হৈছে ক্ৰমে কহিনুৰ থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ, আৱাহন থিয়েটাৰ, সুদৰ্শন থিয়েটাৰ, সূৰ্য্য থিয়েটাৰ, ইতিহাস থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, নটসূর্য থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, প্ৰাগজ্যোতিষ থিয়েটাৰ, সূৰুয থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, বীণাপাণি থিয়েটাৰ, মাতৃভূমি থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, হেঙুল থিয়েটাৰ আৰু চিৰঞ্জীৱ থিয়েটাৰ।