কুমাৰী পূজাৰ মহত্ব – অখিল কুমাৰ বৰুৱা

pc Alamy

কুমাৰী পূজাৰ মহত্ব

অখিল কুমাৰ বৰুৱা

দেৱীৰ তীৰ্থ দৰ্শনৰ পাচত নহলে নবৰাত্ৰি ব্ৰত কৰি নবমী দিনা কুমাৰী পূজা কৰা হয়। শাস্ত্ৰৰ মতে ইয়াৰ মহত্ব অসীম বুলি কোৱা হয়। শক্তি সম্প্ৰদায় গ্ৰন্থ মতে কন্যা পূজনৰ সম্পৰ্কত বহুতো তথ্য লিখা আছে তথা তান্ত্ৰিক সকলেও এই দেৱী পূজাত কন্যা পূজনত অধিক গুৰুত্ব প্ৰদান কৰে।

তন্ত্ৰ শাস্ত্ৰত যেনে কালীতন্ত্ৰ, যোগিনীতন্ত্ৰ, কুব্জিকা তন্ত্ৰ গ্ৰন্থাৱলীত কন্যা পূজনৰ বিস্তাৰ লিপিবদ্ধ আছে। কালী তন্ত্ৰৰ মতে, ডাঙৰ পৰ্ব্ববোৰত পুণ্য মুহুত্বত তথা নবমী তিথিত কুমাৰী পূজা কৰাতো বাঞ্চনীয়। বস্ত্ৰ, ভূষণ আৰু ভোজনাদিৰে প্ৰসন্ন কুমাৰীক বীজ মন্ত্ৰৰে সিদ্ধি লাভ কৰিব পাৰে। কুমাৰীৰ ৰুচি অনুযায়ী ফল ভালপোৱা নৈবদ্য দি সেৱা ভাবত ব্ৰতী হৈ পূজা কৰিব লাগে। এই পূজাই সকলো তপস্যাতকৈ ভাল তপস্যা। সম্পূৰ্ণ শুভ কামৰ ফল প্ৰাপ্তি পাবলৈ কুমাৰী পূজা কৰা ভাল। কন্যা কুমাৰী সাক্ষাত দেৱী স্বৰূপা হয়।

কুমাৰী পূজাই মান সন্মান বিদ্যা, ধন ঐশ্বৰ্য্য বিভূতি ফল প্ৰাপ্তি দিয়ে ভয় অপবাদ অকাল মৃত্যু দুঃস্বপ্ন অপমৃত্যুৰ উপৰিও মানুহৰ সংসাৰৰ বহুত দুখ, জ্বালাযন্ত্ৰণা ইত্যাদিৰ উপসম কৰে। পাঁচ বছৰৰ পৰা ১২ বছৰলৈকে বালিকাক কুমাৰী কোৱা হয়। কুমাৰী কেইবা প্ৰকাৰো আছে। কুমাৰী, ত্ৰিমূৰ্ত্তি, কল্যাণী, ৰুহিনী, বালিকা, চণ্ডিকা, শাম্ভবী, দূৰ্গা, সুভদ্ৰা। হোম, জপ আৰু দানত দেৱী যিমান সন্তুষ্ট হয় সিমান কন্যা পূজনত হয়। দুঃখ দৰিদ্ৰতা আৰু শক্ৰনাশৰ কাৰণে শক্তি প্ৰদানত কুমাৰী পূজাই সৰ্বোত্তম পূজা। নিজৰ নিজৰ আৰ্থিক শক্তি অনুযায়ী তিনি গৰাকী কুমাৰী বিধান আছে যদিও প্ৰয়োজন অনুসৰি কেতিয়াবা এগৰাকী কন্যাকো পূজা কৰিব পাৰে। নবৰাত্ৰিত ভগৱতী দূৰ্গাক বস্ত্ৰ, অলংকাৰ আৰু ভোজনাদিৰে কন্যাপূজন কৰাজনৰ জীৱন সাৰ্থক হয়।