ৰাজ্যৰ জিলাই জিলাই আজি ঘোষণা কৰা হৈছে ড্রাই ডে’

pc Northeast Now

ৰাজ্যৰ জিলাই জিলাই আজি ঘোষণা কৰা হৈছে ড্রাই ডে’

ৰঙিলী বাৰ্ত্তাসেৱা – আজি বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা আজি বিসর্জন দিয়া হ’ব। আন আন বছৰসমূহৰ দৰে এইবাৰো প্ৰতিমা বিসর্জনৰ যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু বিশেষকৈ কোভিড-১৯ জনিত পৰিস্থিতিৰ বাবে প্ৰশাসনে এইবাৰ বিশেষ সতর্কতা অৱলম্বন কৰিছে তথা শোভাযাত্রা আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। অতি কম সংখ্যক ভক্তৰ উপস্থিতিত বিসৰ্জনৰ কাৰ্যসূচী পালন কৰা হ’ব আৰু কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিয়েহে এই কাৰ্যসূচীত অংশ ল’ব পাৰিব। দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰ, বৰলীয়া, পুঠিমাৰী, কলাজল, বকো, কলহী, জলজলী আদি নৈৰ ঘাট সাজু কৰা হৈছে। ধুবুৰী জিলা প্ৰশাসনেও প্রতিমা বিসর্জনৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি নেতাই ধুবুনী ঘাট, গৌৰীপুৰৰ গদাধৰ, গোলকগঞ্জৰ গংগাধৰ, বিলাসীপাৰাৰ গৌৰাং নৈৰ বানিয়াপাৰা আদি ঘাট সাজু কৰি তুলিছে। আনহাতে বিজয়া দশমী উপলক্ষে ৰাজ্যৰ জিলাই জিলাই আজি ড্রাই ডে’ ঘোষণা কৰা হৈছে। সকলো সুৰাৰ পাইকাৰী গুদাম, হোটেল আৰু ক্লাৱত থকা বাৰসহ বিলাতী তথা দেশীয় সুৰাৰ দোকানবোৰ আজি বন্ধ থাকিব। সুৰা বা আন নিচাযুক্ত পানীয় বিক্ৰী, বিতৰণ, মজুতকৰণ আৰু সেৱন কৰাত আজি সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।