আই পি এল ২০২১ প্ৰতিযোগিতাৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি

Pc- Times Of India

আই পি এল ২০২১ প্ৰতিযোগিতাৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি

ৰঙিলী বাৰ্ত্তাসেৱা- আজি আই পি এল ২০২১ প্ৰতিযোগিতাৰ ফাইনেল খেলখন ডুবাইত অনুষ্ঠিত হʼব। ফাইনেলখন চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৰ মাজত অনুষ্ঠিত হʼব। সন্ধিয়া ৭.৩০ বজাৰ পৰা ফাইনেলখন অনুষ্ঠিত হʼব। মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক কোৱালিফায়াৰ ৱানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ দলে এলিমিনেটৰ ৱানত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু কোৱালিফায়াৰ টুত দিল্লী কেপিটেলছক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। চেন্নাই ছুপাৰ কিংছ দলটোৱে আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ ৩ বাৰকৈ দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে দলটো ৫ বাৰকৈ ফাইনেলত পৰাজিতও হৈছে। ইয়াৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ দলে দুবাৰকৈ আই পি এল প্ৰতিযোগিতাৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে।