ৰাজ্যত অব্যাহত কৰʼনাৰ সংক্ৰমণ

pc- News Medical

ৰাজ্যত অব্যাহত কৰʼনাৰ সংক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে কৰʼনাৰ সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৩৪৭ জন লোক নতুনকৈ কৰʼনাত আক্ৰান্ত হৈছে। ৰাজ্যত নতুনকৈ ৩ জন লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে সদৰী কৰা অনুসৰি অসমত মুঠ ৪২,৬৭০জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়। পৰীক্ষা কৰা  ৩৪৭জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৬২জন লোক আক্রান্ত হৈছে। দিনটোত আক্ৰান্তৰ হাৰ ০.৮১ শতাংশ।  দিনটোত ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৮.৩৬ শতাংশ।