ভেকচিন নল’লে নাপাব কোনো চৰকাৰী ‘হিতাধিকাৰী’ৰ সুবিধাঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ভেকচিন নল’লে নাপাব কোনো চৰকাৰী ‘হিতাধিকাৰী’ৰ সুবিধাঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ভিড পৰিস্থিতি সংক্ৰান্তত কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সংবাদ মেল।সংবাদ মেলত কেশৱ মহন্তই কয়,”বিগত ডেৰমাহত ক’ভিডৰ সংক্ৰমণৰ হাৰ এক শতাংশতকৈ কম।কোনো কাৰণতে ৰাজ্যত পুনৰ লকডাউন নহয়।লকডাউন অবিহনে চৰকাৰে ভেকচিনেচনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব ক’ভিডৰ সংক্ৰমণ।স্বাস্থ্য বিভাগে ৰাজ্যত ঘৰে-ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে৷কোনো কাৰণত লকডাউন বা অন্য কঠোৰ ব্যৱস্থা লোৱা নহয়।কেৱল মাস্ক ব্যৱহাৰ বাধ্যতামূলক। লকডাউন নহ’লেও মাস্ক পৰিধান কৰা আৰু ক’ভিড প্ৰট’কল সকলোৱে মানি চলাটো বাধ্যতামূলক।”সংবাদ মেলত আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে৷তেওঁৰ ভাষ্য অনুসৰি, ভেকচিন লোৱাটো বাধ্যতামূলক।নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন নিয়ম অনুসৰি ভেকচিন নল’লে কোনো চৰকাৰী ‘হিতাধিকাৰী’ৰ সুবিধা নাপাব।নতুনকৈ অন্তভুক্ত হ’ব নোৱাৰিব চৰকাৰী আঁচনিত।দুই পালি ভেকচিনৰ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক হিচাপে বিবেচনা কৰা হ’ব।