উপ-নিৰ্বাচন অনুষ্ঠিত হʼব লগীয়া ৫ বিধানসভা সমষ্টিত স্থানীয় বন্ধ হিচাপে ঘোষণা ৰাজ্য চৰকাৰৰ

pc- Huffpost

উপ-নিৰ্বাচন অনুষ্ঠিত হʼব লগীয়া ৫ বিধানসভা সমষ্টিত স্থানীয় বন্ধ হিচাপে ঘোষণা ৰাজ্য চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ গোসাঁই গাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিত ৩০ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হʼব। ৰাজ্য চৰকাৰে উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটগ্ৰহণৰ দিনটো উপ-নিৰ্বাচন অনুষ্ঠিত হʼব লগীয়া উক্ত ৫ বিধানসভা সমষ্টিত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। জনসাধাৰণৰ ভোটদানৰ সুবিধার্থে চৰকাৰে সেই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰে। সেইদিনা চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে কল-কাৰখানা, চাহ বাগিচা, ব্যৱসায়িক প্রতিষ্ঠান আদিও বন্ধ থাকিব।