নগ্ন বাস্তৱ
উপাসনা দেৱী ,দৰং
হৃদয়খন আজি বৰকৈ আতুৰ,
তাতে আকৌ প্ৰেমৰ তৃষ্ণাতুৰ,
বিশ্বাসৰ সমাধি হয় য’ত
বিষাদৰ বৰষুণ নামে ত’ত
সুৰাৰ গ্লাছত সময় গণে
দুষ্টচক্ৰৰ দুষ্টমুখত দুষ্টখবৰ বিয়পে..
মাটিৰে মা -দুৰ্গাক সাজি দিনেৰাতিয়ে কৰে দৰ্শন,
পিছে ৰাস্তা কাষৰ পাগলীজনীও হয় কেতিয়াবা ধৰ্ষণ,
নিজৰ জীয়েক বুকুৰ মণি আনৰ জী শনি,,,
জীয়া তেজ শুহি এচামে খাই দুখীয়া শ্ৰেণীক ঠগি,
কথা দিলে অহাবছৰ ৰাস্তা হ’ব পকা,,
ঘৰত বহি হিচাপ-নিকাচ কিমান সোমাব টকা,,
ৰাইজৰ হাত চাপৰি
পিন্ধি বগাচোলা আৰু দামী গাড়ী,,
আন্ধাৰ ৰাতি আন্ধাৰ গলিত আজুৰে নাৰীৰ শাৰী,
নামঘৰত বহি ভকত দুজনে
মুখত নলয় হৰিনাম
অমুকাৰ চৰিত্ৰ এনেকুৱাহে বোলো কৃষ্ণ ৰাম ৰাম!
