ৰহাত ঘোচ লৈ হাত দাঙিলে এজন ঘোচখোৰ লাট মণ্ডলে

ৰহাত ঘোচ লৈ হাত দাঙিলে এজন ঘোচখোৰ লাট মণ্ডলে

ৰঙিলী বাৰ্ত্তাসেৱা- ৰহাত ঘোচ লৈ হাত দাঙিলে এজন ঘোচখোৰ লাট মণ্ডলে। ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল দিলীপ ৰয়ক ঘোচ লোৱা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। জানিব পৰা মতে, বগলাজানৰ লাট মণ্ডল দিলীপ ৰয়ে কাকতিগাঁৱৰ আছাজুদ্দিন নামৰ লোকজনৰ পৰা ঋণ লোৱাৰ বাবে মাটিৰ নথি-পত্ৰ দিয়াৰ নামত প্ৰথমে ২০ হাজাৰ টকা দাবী কৰিছিল। পিছত ১৫ হাজাৰ টকাত মান্তি হৈ কিস্তি হিচাপত সেই ধন দিবলৈ দাবী কৰে। সেইমতে লাট মণ্ডল দিলীপ ৰয়ে আছাজুদ্দিনৰ পৰা প্ৰথম কিস্তিৰ পাঁচ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলায় লাট মণ্ডলজনক।