মুখ্যমন্ত্ৰীৰ পৰা ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- পানী শুকাইছে যদিও ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। পানী শুকুৱাৰ পিছত বানাক্ৰান্ত এলেকাত এতিয়া পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে। বাট-পথ, পথাৰ-সমাৰ, ঘৰ-দুৱাৰ, গোহালি-পদুলি সকলোতে এতিয়া বালি পলস আৰু মৃত গৰু-ছাগলী, হাঁহ-কুকুৰাৰ পুতি গোন্ধময় পৰিৱেশত এতিয়া চাৰিওফালে অবর্ণনীয় অৱস্থা বানাক্ৰান্ত জনতাৰ। ইফালে ৰাজ্যৰ ইখনৰ পিছত সিখনকৈ নতুন নতুন জিলাক শাওণৰ বলিয়া বানে আক্রান্ত কৰিছে। ইতিমধ্যে ৰাজ্যৰ ৭খনকৈ জিলা এইবাৰৰ বানত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে। চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, নগাঁও আৰু কাৰ্বি আংলং জিলা এইবাৰ অধিক পৰিমাণে ক্ষতিগ্রস্ত হৈছে। আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে উজনি অসমৰ তিনিখন জিলা ক্রমে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ। ৰাজ্যত এই ভয়াৱহ বান পৰিস্থিতিৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অসমৰ বান পৰিস্থিতি সন্দর্ভত সবিশেষ বুজ লয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বার্তালাপত মিলিত হৈ অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ লোৱা প্রসংগ সামাজিক মাধ্যমযোগে সদৰী কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ‘অসমৰ প্ৰতিটো বিষয় লৈ মাননীয় প্রধানমন্ত্রী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় সক্রিয় আৰু সচেতন। কিছু সময় পূর্বে মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ লগতে দুর্যোগ সম্পর্কীয় প্রত্যাহ্বানসমূহৰ বিষয়ে তেখেতে বিস্তৃতভাৱে আমাৰ পৰা খতিয়ান লয়। মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ লগতে আপোনজন আৰু সম্পত্তি হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । তেখেতে আশ্বস্ত কৰে যে এই সংকটক ভাৰত চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানেৰে বিবেচনা কৰিছে । উদ্ধাৰ, সাহাৰ্য, পুনৰ্বাসন কাৰ্যত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ সকলোধৰণৰ সহায় আগবঢ়াই যাব বুলিও তেখেতে অভয় প্ৰদান কৰে ।” প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ, বন্যাৰ্তৰ উদ্ধাৰ, সাহাৰ্য আৰু পুনৰ্বাসন কাৰ্যৰ অগ্ৰগতিৰ লগতে বানপীড়িত প্ৰতিটো পৰিয়ালৰ কাষত থাকিবলৈ ৰাজ্য চৰকাৰৰ অধীনত চলি থকা নিৰন্তৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰাৰ কথা জানিবলৈ দিয়ে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয় যে এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ প্রতি আগবঢ়োৱা সহমর্মিতা, আশ্বাস আৰু দৃঢ় সমর্থনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ওচৰত অসমৰ জনসাধাৰণৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
