জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্রহণ  মুখ্যমন্ত্রীৰ

জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্রহণ  মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত শনিবাৰে অনুষ্ঠিত হয় কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পর্যায়ৰ কর্মশালা । কৃষি আন্তঃগাঁথনিৰ উন্নয়নেৰে এখন সমৃদ্ধিশালী অসম গঢ়াৰ প্রয়াস হিচাপে আয়োজিত এই কৰ্মশালাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক, কৃষক উৎপাদক সংস্থা, কৃষিভিত্তিক উদ্যোগী আৰু বেংক আদি বিত্তীয় প্রতিষ্ঠানৰ প্রতিনিধিসকলে এই কর্মশালা তথা সজাগতা অনুষ্ঠানত অংশ লয়।  অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৃষ্ণসকলৰ উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন আৰু আধুনিক কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্যৰে ‘কৃষি আন্তঃগাঁথনি পুঁজি’ আঁচনিৰ সুচনা কৰিছিল। কৃষকে কেবল ধান বা ফল উৎপাদন কৰাতেই ক্ষান্ত নাথাকি তাক চাউল বা ফলৰ ৰসলৈ ৰূপান্তৰ কৰা, গুদাম ঘৰ বা শীতল ভঁৰালত সংৰক্ষণ কৰা আৰু ড্ৰ’ন, কাষ্টম হায়াৰিং চেণ্টাৰ, ছেন্সৰ, পাম্প, হাইড্ৰ’ক্সপনিক্স, এবোপনিক্স, পলি হাউচ্চ, মিলিং আৰু ঘানী স্থাপনৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰাত উৎসাহিত কৰাটোৱেই এই পুঁজিৰ মূল উদ্দেশ্য। প্রধানমন্ত্রীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এই আঁচনিত ১ লাখ কোটি টকা আবণ্টন কৰিছিল, যাৰ ভিতৰত ইতিমধ্যে ৯৫,০০০ কোটি টকা দেশৰ কৃষকসকলে ব্যৱহাৰ কৰি উপকৃত হৈছে। মুখ্যমন্ত্রীয়ে কয় যে সাধাৰণতে বেংকে ঋণ প্রদানৰ বাবে বন্ধকী বিচাৰে, যিটো সৰ্বসাধাৰণ কৃষকৰ বাবে প্ৰদান কৰা সম্ভৱ নহয়। ইয়াৰ উপৰি পূৰ্বৰ কিষাণ ক্রেডিট কার্ড আঁচনিৰ সময়ত ২,০০০ কোটি টকাৰ ঋণ ঘূৰি নহাৰ ফলত বেংকসমূহৰ বাবে এক প্রত্যাহ্বানৰ সৃষ্টি হৈছিল আৰু অসমত আঁচনিখন একপ্রকাৰ বন্ধ হোৱাৰ উপক্রম হৈছিল। তেওঁ উল্লেখ কৰে যে জমাধনৰ বিপৰীতে বেংকৰ ঋণ প্রদানৰ অনুপাত অসমত পূৰ্বৰ ৩২ শতাংশৰ পৰা বৰ্তমান ৭০ শতাংশলৈ বৃদ্ধি পাইছে যদিও ইয়াক ৯০ শতাংশলৈ নিয়াৰ থল আছে, অর্থাৎ অসমে আৰু ২০ শতাংশ ঋণ ল’ব পাৰে। কৃষকৰ বন্ধকীৰ সমস্যা দূৰ কৰিবলৈকে প্রধানমন্ত্রীয়ে এটা ‘ক্রেডিট গেৰাণ্টি ফাণ্ড’ গঠন কৰিছে, যিয়ে কৃষকৰ ঋণৰ গেৰাণ্টি ল’ব আৰু বেংকসমূহক সুৰক্ষা প্রদান কৰিব। এই আঁচনিৰ জৰিয়তে ২ কোটি টকালৈকে ঋণৰ ওপৰত চৰকাৰে ৩ শতাংশ সুতৰ ৰেহাই প্রদান কৰে আৰু সুদৰ হাৰ সর্বাধিক ৯ শতাংশৰ ভিতৰত সীমিত ৰখা হয়। সাধাৰণ ঋণত হিতাধিকাৰীৰ অংশ ২৫ শতাংশৰ বিপৰীতে এই আঁচনিত বেংকে ৯০ শতাংশ ঋণ দিয়ে আৰু হিতাধিকাৰীয়ে মাত্র ১০ শতাংশ বহন কৰিব লাগে। ৰাজ্যৰ হিতাধিকাৰীসকলৰ বাবে ইয়াৰে ৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰি তেওঁ কয় যে কৃষক উৎপাদক সংস্থাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে হিতাধিকাৰীৰ অংশৰ সম্পূৰ্ণ ১০ শতাংশই বহন কৰিব। এই আঁচনিৰ উপভোক্তাসকলে পিএম কুসুম, পিএম এফ এম ই, এম আই ডি এছ আৰু আৰ কে ভি ৱাই আদি অন্যান্য চৰকাৰী আঁচনিৰো সুবিধা একেলগে গ্রহণ কৰিব পাৰে বুলি মুখ্যমন্ত্রীয়ে অবগত কৰে। ভাৰত চৰকাৰে অসমৰ বাবে এই পুঁজিৰ পৰা ২,০৫০ কোটি টকা আবণ্টন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমানলৈকে ৰাজ্যখনৰ ৮৯৩ গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু উদ্যোগীলে ১,১৮১ কোটি টকাৰ ঋণ অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ৭৩৬ কোটি টকা ইতিমধ্যে তেওঁলোকৰ একাউন্টত সোমাইছে। এই ক্ষেত্ৰত তেওঁ ৰাজ্যৰ কেইবাগৰাকীও সফল হিতাধিকাৰীৰ নাম উল্লেখ কৰে, যিসকলে এই আঁচনিৰ অধীনত সর্বাধিক ১৩ কোটি টকা পর্যন্ত ঋণ লাভ কৰিছে।  ৰাজ্যৰ জিলাসমূহৰ ভিতৰত নগাঁও জিলাৰ সৰ্বাধিক ১৩১ গৰাকী হিতাধিকাৰীয়ে এই ঋণ লাভ কৰিছে বুলি তেওঁ অৱগত কৰে। মুখ্যমন্ত্রীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যলৈ অনুমোদিত পুঁজিৰ পৰা অসমে এতিয়াও অতিৰিক্ত ৯০০ কোটি টকাৰ ঋণ ল’ব পাৰে। তেওঁ লগতে সদৰী কৰে যে প্রধানমন্ত্রীয়ে এই আঁচনিৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ আৰু ১ লাখ কোটি টকাৰ অনুমোদন জনাইছে। যোৱাবাৰ ২,০০০ কোটি টকাৰ আবণ্টন পোৱা অসমৰ বাবে এইবাৰ ৪,০০০ কোটি টকাৰ পুঁজি অনাৰ প্ৰয়াস কৰা হ’ব বুলি তেওঁ অৱগত কৰে। অসম এখন বানপীড়িত ৰাজ্য হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডত পৰম্পৰাগত ধান খেতিৰ সমান্তৰালভাৱে উদ্যান শস্য আৰু উচ্চ মূল্যৰ কৃষি সামগ্ৰী উৎপাদনত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে অসমত চাউলৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডতে ভঁৰালঘৰৰ প্ৰয়োজন আৰু ব্যাপক চাহিদালৈ লক্ষ্য ৰাখি সৰিয়হৰ তেলৰ সংসাধন বৃদ্ধিৰো যথেষ্ট থল আছে। কাৰ্বি আংলং আৰু শিলচৰৰ ধলাই অঞ্চলৰ আদা আৰু আনাৰস, অসমৰ নেমু, ভোট জলকীয়া, ৰঙা চাউল, কোকৰাঝাৰৰ কাঠফুলা আদিৰ সংসাধনৰ মাধ্যমেৰে কৃষকে উচিত মূল্য লাভ কৰিব পাৰে বুলি তেওঁ কয়। চাহপাতৰ ক্ষেত্ৰত মেচিনৰ সলনি ঢেঁকীত খুন্দা অর্গেনিক চাহৰ সুকীয়া সোৱাদ আৰু ব্যাপক চাহিদাৰ কথা উদাহৰণস্বৰূপে উল্লেখ কৰি তেওঁ চাহ সংসাধনো এই আঁচনিৰ অনুমোদিত প্রকল্প বুলি স্পষ্ট কৰে। নিজৰ শেহতীয়া জাপান ভ্ৰমণৰ অভিজ্ঞতা বর্ণনা কৰি তেওঁ কয় যে তাৰ হোটেলত পৰিৱেশ-অনুকূল বাঁহৰ টুথব্রাছ ব্যৱহাৰ কৰা হয়। বাঁহৰ পৰা টুথপেষ্টকে ধৰি ১৮০ বিধ সামগ্ৰী প্ৰস্তুত কৰিব পাৰি আৰু বৰ্তমান নুমলীগড়ত বাঁহৰ পৰা তেল উৎপাদন কৰি থকা হৈছে বুলি তেওঁ উদাহৰণ দাঙি ধৰে। এইদৰে কৃষিজাত সামগ্ৰীৰ সঠিক ব্যৱহাৰ আৰু সংসাধনৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যত বর্তমান ৰাজ্যৰ ৮০০ৰো অধিক উদ্যোগী স্বতঃস্ফূর্তভাবে আগবাঢ়ি অহাটো অতিশয় আনন্দৰ খবৰ বুলি সন্তুষ্টি প্রকাশ কৰি ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকলক এই আঁচনিৰ সুবিধা ল’বৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়। এই অভিলাষী আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ মুখ্যমন্ত্রীয়ে সকলো মন্ত্রী-বিধায়ক, কৃষি বিভাগ আৰু বেংকসমূহক আহ্বান জনায় যাতে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ যুৱক-যুৱতীসকল ইয়াৰ লগত জড়িত হ’ব পাৰে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কৃষি ইত্যাদি বিভাগৰ মন্ত্রী পীযূষ হাজৰিকা, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্রী অতুল বৰা, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী জয়ন্তমল্ল বৰৱা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্রী বামেশ্বৰ তেলী, সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্রী নীলিমা দেবী, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী কৌশিক ৰায়, সাংসদ বিজুলী কলিতা মেধি, বিধায়কসকল ক্রমে দিগন্ত কলিতা, রূপক শর্মা, চক্ৰধৰ গগৈ, বিজয় গুপ্তা, মিলন দাস, শশীকান্ত দাস, প্রকাশ দাস, বিকন চন্দ্র ডেকা, কিশোৰ নাথ আৰু তপন দাস, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ যুটীয়া সচিব আনবালাগান পি, ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ আয়ুক্ত-সচিব অৰুণা বাজৰিয়া প্ৰমুখ্যে অন্যান্য শীর্ষ বিষয়াসকল আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা কৃষি উদ্যোগীসকল উপস্থিত থাকে।