মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে ৰাজ্যিক কেবিনেট বৈঠক লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৷ মূলতঃ ৰাজ্যৰ সর্বাংগীণ উন্নয়ন আৰু জনস্বার্থক অগ্রাধিকাৰ প্ৰদান কৰি শনিবাৰে অনুষ্ঠিত অসম কেবিনেটে বিভিন্ন ক্ষেত্রত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° শর্মাই কেবিনেট সিদ্ধান্তসমূহ সদৰী কৰে। কেইবাগৰাকীও সতীর্থ মন্ত্রীক লগত লৈ সম্বোধন কৰা সংবাদমেলত কেবিনেট সিদ্ধান্ত সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত ৯ লাখ লাখপতি বাইদেউ আছে। যদি কোনো লাখপতি বাইদেউৰ ব্যক্তিগতভাবে ঋণ ল’ব বিচাৰে তেতিয়া ষ্টাম্পা ডিউটি দিব লাগিব। আয়ুর্বেদিক চিকিৎসকসকলৰ বাবে নতুন সেৱা বিধিত কেবিনেটে অনুমোদন জনাইছে। ৰেচন কাৰ্ডৰ জৰিয়তে দালি, চেনি, চাউল দিয়াৰ যি প্রক্রিয়া সেয়া আগষ্ট মাহৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যিক কেবিনেটে অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয় (প্রথম বৰ্ষৰ এমবিবিএছ/বিডিএছ পাঠ্যক্রমত নামভর্তি নিয়ন্ত্রণ) অধিনিয়ম-২০১৭ৰ সংশোধনীত অনুমোদন জনায়। মুখ্যমন্ত্রী ড° শর্মাই কয় যে ইয়াৰ জৰিয়তে ২০২৬ শিক্ষা বৰ্ষৰ পৰা মৰাণ-মটক-টাই আহোম-চুতীয়া-কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে বৰ্তমানে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত মৰাণ সম্প্ৰদায়ৰ আসনৰ সংখ্যা ৮ৰ পৰা ৯খন, মটকৰ ৮ৰ পৰা ৯খন, টাই আহোমৰ ১০ৰ পৰা ১১খন, চুতীয়াৰ ৯ৰ পৰা ১০খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা ১৩ৰ পৰা ১৪খনলৈ বৃদ্ধি পাব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষার্থীসকলক লৈ কেবিনেটে এক লক্ষণীয় সিদ্ধান্ত গ্রহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষার্থীৰ বাবে পৰীক্ষামূলকভাৱে দুখন আসন সংৰক্ষণ কৰা হ’ব। এই আসনসমূহ সংশ্লিষ্ট সামাজিক শ্ৰেণীৰ সংৰক্ষিত আসনৰ ভিতৰত মিলাই দিয়া হ’ব। একেদৰে ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰা অসমৰ বাসিন্দাসকলৰ বাবে ৰাজ্যিক কোটা সহজ কৰিবলৈ জিলা আয়ুক্তৰ দ্বাৰা জাৰি কৰা প্ৰমাণ-পত্ৰৰ আৰ্হি (অসমৰ মহাধিবক্তাৰ পৰীক্ষিত) আনুষ্ঠানিকভাবে বিধিত অন্তর্ভুক্তকৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই সিদ্ধান্তৰ অংশস্বৰূপে অসমৰ বাহিৰত বিদ্যালয় শিক্ষা লাভ কৰা তিনি প্রজন্ম ধৰি ৰাজ্যৰ স্থায়ী বাসিন্দাসকলক ৰাজ্যিক কোটাৰ অধীনত নামভর্তিতো অনুমোদন দিছে কেবিনেটে। কেবিনেটে অসম ৰাজ্যিক গ্রামীণ জীৱিকাৰ অধীনত নাৰীশক্তিৰ সবলীকৰণৰ দিশত এক সুখবৰ কঢ়িয়াই আনিছে। এই অনুসৰি মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক বেংক, সমবায় বেংক বা ভাৰতীয় ৰিজাৰ্ভবেংকৰ নিয়ন্ত্রণহীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সৰ্বাধিক ১০ লাখ টকা পর্যন্ত গ্রহণ কৰা ব্যক্তিগত ঋণৰ নথি-পত্ৰ ষ্টাম্প শুল্ক ৰেহাই দিয়াত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়া মতে ৰাজ্যিক কেবিনেটে অসম আয়ুর্বেদিক স্বাস্থ্যসেৱা বিধি-২০২৬ত অনুমোদন জনাইছে। এই সম্পর্কত তেওঁ কয় যে এই বিধিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ অধীনত অসম আয়ুর্বেদিক স্বাস্থ্য সেৱাত নিযুক্ত আয়ুর্বেদিক চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰিব। এই বিধিৰ জৰিয়তে আয়ুস শিক্ষাৰ দায়িত্ব চিকিৎসা সঞ্চালকালয়ক অর্পণ কৰা হ’ব। তেওঁ জানিবলৈ দিয়া মতে ৰাজ্যিক কেবিনেটে ২০২৭ বৰ্ষৰ মাৰ্চ মাহ পর্যন্ত মচুৰ দাইল আৰু চেনিৰ ক্ৰয় ব্যৱস্থাত অনুমোদন জনাইছে। ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (নাফেড)-এ বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহ্বান কৰি সামগ্রী দুবিধৰ যোগান মূল্য নির্ধাৰণ কৰিব। ৰাজ্য চৰকাৰ কেৱল ইয়াৰ বিতৰণৰ দায়িত্বতহে থাকিব। ৰাজ্যিক কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল- অসমত সম্পত্তিপঞ্জীয়ন ব্যৱস্থাৰ ব্যাপক সংস্কাৰ। এই সংস্কাৰৰ অন্তৰ্গত বিক্রয় চুক্তি-উন্নয়ন চুক্তি-পাৱাৰ অৱ এটনী-হ্রস্বম্যাদী লীজ-ইকুইটেবল-মর্টগেজ-বিক্রয় প্রমাণপত্ৰ-বেংক গেৰাণ্টী-মাৰ্জাৰ/ডি মাৰ্জাৰৰ জৰিয়তে সম্পত্তিৰ হস্তান্তৰ আদিক বাধ্যতামূলক পঞ্জীয়নৰ আওতালৈ অনা হ’ব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰে।