কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ শিক্ষাবিভাগৰ দায়িত্ব অৰ্পণ 

Pc ddnews.gov.in

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ শিক্ষাবিভাগৰ দায়িত্ব অৰ্পণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  শনিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগৰ পাছতে নতুনকৈ শিক্ষামন্ত্ৰী হিচাবে প্ৰহ্লাদ যোশীক অতিৰিক্তি দায়িত্ব প্ৰদান কৰা হৈছে ৷ বিভাগীয় মন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগৰ পিছতে প্রধানমন্ত্রীয়ে গ্রহণ কৰিছে এই সিদ্ধান্ত। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মৰ্মে ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। তাৰ পাছতে কেন্দ্ৰীয় খাদ্য, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষাবিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানৰ ৭৫ নং অনুচ্ছেদৰ দফা (২)ৰ অধীনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে কৰা পদত্যাগ পত্ৰ গ্ৰহণ কৰে । তদুপৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ বৰ্তমানৰ দপ্তৰৰ উপৰিও শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব নিযুক্তি দিয়ে ৷ ৰাষ্ট্ৰপতি ভৱনে লগতে কয়, লোকসভাৰ সাংসদ প্ৰহ্লাদ যোশীয়ে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰীৰ দায়িত্বত আছে । পূৰ্বে তেওঁ কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী আছিল । ধৰ্মেন্দ্ৰ প্ৰধানে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত আৰু পৰীক্ষাৰ অনিয়মক লৈ চলি থকা প্ৰতিবাদৰ বাবে যাতে ‘ৰাষ্ট্ৰ বিৰোধী শক্তি’ৰ দ্বাৰা প্ৰভাবিত নহয় তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে ৷