অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিল বিতর্কক লৈ বৃদ্ধি পোৱা হেঁচাৰ মাজত অৱশেষত শনিবাৰে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰে। দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পার্টী (CJP)ৰ ধাৰাবাহিক আৰু তীব্র আন্দোলনৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য হ’ল কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে। শনিবাৰে শিক্ষামন্ত্রী পদৰ পৰা পদত্যাগ কৰিলে ধর্মেন্দ্ৰ প্রধানে। সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। তদুপৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে। পদত্যাগৰ কথা ঘোষণা কৰি সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। তেওঁ লিখে, ১০ দিনৰ ঘটনাক্রমে তেওঁক গভীৰভাৱে ‘দুখ’ দিছে আৰু এই বিষয়টো ‘ব্যক্তিগত মান-মর্যাদাৰ বিষয় নহয়।’ ‘দেশদ্রোহী শক্তিয়ে’ পৰিস্থিতিৰ সুবিধা লোৱাটো তেওঁ নিবিচাৰে বুলি উল্লেখ কৰি প্ৰধানে কয় যে তেওঁ নিশ্চিত কৰিবলৈ বিচাৰে যাতে ‘দেশৰ একতা অটুট থাকক’, ‘এজনো শিক্ষাৰ্থীৰ ভৱিষ্যৎ আইনী জটিলতাত জড়িত নহওক’ আৰু ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সময় অধ্যয়ন তথা তেওঁলোকৰ কেৰিয়াৰ গঠনত উছৰ্গা কৰক। সদ্য পদত্যাগী কেন্দ্রীয় শিক্ষা মন্ত্রীজনে আৰু কয়, ‘মনতে এই সকলো কথা বিবেচনা কৰি মই মোৰ পদত্যাগ-পত্র মাননীয় প্রধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিলোঁ।’ লগতে তেওঁ আৰু লিখে যে, “শিক্ষাৰ সংস্কাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে মই যোৱা চাৰিটা দশক উছৰ্গা কৰিছোঁ। বিগত ৩ মে’ত নীট পৰীক্ষাত যি অনিয়ম হৈছিল, তাৰ দায়িত্ব মই প্রথম দিনাৰ পৰাই লৈ আহিছোঁ। যন্তৰ মন্তৰ আৰু সমগ্র দেশজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ যাতে কোনো দেশবিৰোধী শক্তিয়ে ল’ব নোৱাৰে আৰু কোনো পৰীক্ষাৰ্থী যাতে আইনী জটিলতাত নপৰে, সেই কথা বিবেচনা কৰিয়েই মই পদত্যাগৰ সিদ্ধান্ত ল’লোঁ।” ‘মই দেশৰ যুৱপ্ৰজন্মৰ আকাংক্ষা, ভাবনা আৰু তেওঁলোকৰ ন্যায়সংগত প্রত্যাশাক গভীৰ সন্মান জনাওঁ। ভাৰতৰ যুৱপ্ৰজন্মৰ সপোনসমূহ বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক তথা সামাজিক জীৱনৰ নৈতিক সংকল্প হৈ আহিছে। শ্রদ্ধেয় প্রধানমন্ত্ৰীদেৱৰ দূৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰৰ সেৱা কৰাৰ যি সুযোগ মই লাভ কৰিলোঁ, তাৰ বাবে মই প্রধানমন্ত্রীদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।” তেওঁ লগতে উল্লেখ কৰে যে ২১ জুনত নীট পৰীক্ষা পুনৰ শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰা হয় আৰু ১৬ জুলাইত ফলাফল ঘোষণা কৰা হয়। কিন্তু এই সময়ছোৱাতো বহু ছাত্র-ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদত থকা ব্যক্তিসকলে বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে মোৰ মন অত্যন্ত ব্যথিত হৈছিল।” উল্লেখ্য যে ‘ককৰোচ জনতা পার্টী’ (CJP)য়ে স্পষ্ট কৰি দিছিল যে শিক্ষামন্ত্ৰীৰ পদত্যাগ অবিহনে তেওঁলোকে আন্দোলন প্রত্যাহাৰ নকৰে আৰু এই বিষয়ত কোনো বুজাবুজিলৈ নাহে। চৰকাৰৰ সৈতে চিজেপিৰ প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত হৈছিল যদিও আন্দোলনকাৰীসকল নিজৰ দাবীত অটল আছিল। শনিবাৰে বিয়লি তৃতীয়খন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু তাৰ প্ৰায় কিছু সময় পূর্বে ধর্মেন্দ্র প্রধানে নিজৰ পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত অর্পণ কৰে। ইফালে ২৬ দিনীয়া অনশনৰ অন্ত পেলোৱা সোণম ৱাংচুক, চিজেপি আৰু বিৰোধী কংগ্ৰেছেও প্ৰধানৰ পদত্যাগক আদৰণি জনাই গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰিছে ।
