আজি মহাষষ্ঠী

Pc Anandabazar

আজি মহাষষ্ঠী, বেলবৰণেৰে বেদীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি মহাষষ্ঠী ৷ দেৱী বন্দনাৰে আজিৰে পৰা সমগ্ৰ ৰাজ্য মুখৰিত হৈ পৰিব ৷ ধৰাৰ বুকুলৈ ঘোঁৰাত অহা দেৱী দুৰ্গাক সন্ধিয়া যুৰীয়া বেলেৰে বৰণ কৰি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব ।  সৰগৰ পৰা মৰ্তালৈ নামি আহিব দেৱী শাস্ত্র মতে আহিন মাহৰ শুক্লা প্রতিপদ তিথিৰ পৰা নৱমী তিথিলৈকে দেবীক ৯টা বিশেষ ৰূপত পুজা-অর্চনা আগবঢ়োৱা হয়। এই ৯টা দিনক নৱৰাত্ৰি আৰু দেৱীৰ ৯টা ৰূপক নৱ দুর্গা বুলি অভিহিত কৰা হয়। নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ ৰূপত দেৱীয়ে ভক্তৰ পূজা গ্রহণ কৰি  মহাষষ্ঠীত আনুষ্ঠানিকভাৱে বেদীত আৰোহণ কৰিব। মহাষষ্ঠী পূজাৰ লগে লগেই আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব শাৰদীয় দুর্গোৎসৱৰ। দেবী দুর্গাৰ আগমনক লৈ ইতিমধ্যে প্রস্তুতি সম্পন্ন কৰা ৰাজ্যৰ বিভিন্ন মণ্ডপত বাজি উঠিব শংখ, ঘণ্টা আৰু ঢাকৰ মধুৰ ধ্বনি। কাইলৈ সন্ধিয়া ষষ্ঠাদি কল্পাৰম্ভৰ পিছতে আৰম্ভ হ’ব বোধন, আমন্ত্রণ আৰু অধিবাস। যথাবিহিত পূজাৰ সময়ত দেৱী দুর্গাৰ সুন্দৰ মুখাবয়ব মুকলি হোৱাৰ আনন্দত উজলি উঠিব ভক্তৰ মুখমণ্ডল। লগে লগে মণ্ডপত থকা বেলবৰণেৰে দেৱীক আৱাহন কৰিব ভক্তই। কাত্যায়নী ৰূপত দেৱীক পূজিব ভক্তসকলে। দৈবজ্ঞৰ গণনা অনুসৰি এইবাৰ দেৱী আহিব ঘোটক অর্থাৎ ঘোঁৰাত। আগমনৰ ফল ছত্রভংগ। বিভিন্ন অশান্তিয়ে ৰাজ্যখনক জৰ্জৰিত কৰি তুলিব বুলি দৈৱজ্ঞই ভবিষ্যদ্বাণী কৰিছে। অৱশ্যে ঘোটকত ধৰালৈ অহা দেৱীৰ আগমনে কিছু শংকাৰ সৃষ্টি কৰিলেও গমনৰ সময়ত নৌকাৰে যাত্ৰা কৰি আই ভগৱতীয়ে দি যাব ভক্তক শস্য-শ্যামলা বসুন্ধৰাৰ উপহাৰ। বিভিন্ন সমস্যাই সম্প্রতি দেশক বহু দিশৰ পৰা উত্তাল কৰি তুলিছে। কিন্তু দেৱী দুর্গাৰ আগমনে শদিয়াৰ পৰা ধুবুৰীলৈ সকলো দুখ পাহৰি ভক্তক দেৱীৰ ভক্তিৰ মাজত বিলীন হ’বলৈ অনুপ্রাণিত কৰিছে। ইয়াৰ লগে লগে শাৰদ উৎসৱক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি হ’ব। উল্লেখ্য যে, এইবৰ্ষৰ ষষ্ঠী তিথিৰ সময় অনুসৰি পুৱা ৩:২৫ বজাৰ পৰা ১৭ অক্টোবৰৰ পুৱা ৫:৫৪ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। এক সম্পূৰ্ণ আধ্যাত্মিক আৰু ভক্তিময় পৰিৱেশত দেৱী দশভূজাক বস্ত্ৰ আৰু আ-অলংকাৰেৰে সজাই তুলি পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব। নিয়ম অনুসৰি, ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস সম্পূৰ্ণ কৰাৰ পাছত কলগছত বিল্ববোধন সম্পন্ন কৰা হ’ব।  দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত পূজা মণ্ডপসমূহ সুন্দৰভাৱে সজাই তোলা হৈছে। দুৰ্গতি-নাশিনীৰ বন্দনাৰে উখল-মাখল হৈ পৰিছে ৰাজ্য। প্ৰশাসনৰ সকলো নীতি–নিয়ম আৰু নিৰ্দেশনা মানি মা দুৰ্গাক আৰাধনা কৰিবলৈ সৰ্বস্তৰৰ ভক্তপ্ৰাণ ৰাইজ সম্পূৰ্ণৰূপে সাজু হৈছে।  এইবাৰ দুদিনীয়াকৈ হ’ব মহাসপ্তমী পূজা। বহু বছৰৰ মূৰত এই তিথি এইবাৰ দুর্গাপূজাত মিলিছে। অৱশ্যে শাৰদীয় দুর্গোৎসৱ সুকলমে পাৰ হৈ যোৱাৰ বাবে আৰক্ষী-প্রশাসনে জাৰি কৰিছে একাধিক নির্দেশনাও। সকলো সমিতিয়ে নির্দেশনাবোৰ মানি চলি দেবী দুর্গাক পূজা-অর্চনা কৰাৰ বাবে সাজু হৈছে। ৰাইজৰ আশা- দুর্গতি বিনাশ কৰি দুৰ্গতিবিনাশিনীয়ে সমগ্র বিশ্বতে বোৱাব শান্তিৰ নিজৰা।