পূব বিহালীত ৩২ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ বিশ্বনাথ জিলা সমাৰোহ সম্পন্ন

পূব বিহালীত ৩২ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ বিশ্বনাথ জিলা সমাৰোহ সম্পন্ন

পিজোস বৈষ্ণৱ,বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  বিজ্ঞান জনপ্ৰিয়কৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা বিকাশৰ উদ্দেশ্যে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (ASTEC)ৰ উদ্যোগত বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহ আয়োজক সমিতিৰ দ্বাৰা আয়োজিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০২৬ৰ বিশ্বনাথ জিলা সমাৰোহ আজি পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সফলভাৱে সম্পন্ন হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ পৰা অহা প্ৰতিভাৱান শিশু বিজ্ঞানীসকলে সমাৰোহত ২০০টাতকৈ অধিক বৈজ্ঞানিক প্ৰকল্প সফলতাৰে উপস্থাপন কৰে। পুৱা ৮-৩০ বজাৰ পৰা তত্ত্বাৱধায়ক শিক্ষক আৰু শিশু বিজ্ঞানীসকলৰ পঞ্জীয়নেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতে পুৱা ৯ বজাত তিনিখন পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়িত কৰা হয়। পতাকা উত্তোলন কৰে বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিদ্যালয়সমূহৰ পৰিদৰ্শক অৰুণজ্যোতি দত্ত আৰু কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকাই। ইয়াৰ পিছতে ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, অসম’ৰ সমবেত সংগীত আৰু ‘বিজ্ঞান জগতৰ ৰূপালী মুকুতা’ সমবেত সংগীতেৰে উদ্বোধনী সভাৰ পৰিৱেশ জীপাল হৈ পৰে।

প্ৰাক্তন শিশু বিজ্ঞানী জ্যোতিষ্ক প্ৰীতম বৰাই শপত বাক্য পাঠ কৰায়। উদ্বোধনী সভাত কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকা, মুখ্য অতিথি জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিশিষ্ট অতিথি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰনেন্দ্ৰনাথ বৰ্মন, বিদ্যালয়সমূহৰ পৰিদৰ্শক অৰুণজ্যোতি দত্ত, বিচাৰকমণ্ডলী আৰু বিশিষ্ট ব্যক্তিসকলে আসন গ্ৰহণ কৰে। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানত আমন্ত্ৰিত বিচাৰক আৰু অতিথিসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক অৰুণজ্যোতি দত্তই। জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে সমাৰোহৰ কাৰিকৰী সত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আৰু তাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰকল্প উপস্থাপন আৰু মূল্যাংকন প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত হয়। কাৰ্যসূচীৰ শেষত সমাৰোহৰ শৈক্ষিক সমন্বয়ক তথা পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গকুল মহন্তই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটি সফল কৰাত সহায়-সহযোগিতা কৰা সকলো আমন্ত্ৰিত অতিথি, জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী, শিশু বিজ্ঞানী, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, বিচাৰকমণ্ডলী আৰু বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়োৱা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। বিয়লি ৪ বজাত সমাৰোহৰ সামৰণি পৰে।