এ কে কনষ্ট্রাকচন নামৰ প্ৰতিষ্ঠানটোৰ পৰিচালক বি বালাজীক গ্ৰেপ্তাৰ

এ কে কনষ্ট্রাকচন নামৰ প্ৰতিষ্ঠানটোৰ পৰিচালক বি বালাজীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশগুৰিত পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰীয়ে শোকাৱহভাৱে প্ৰাণ হেৰুওৱাৰ পিছতহে গা লৰিছে কামৰূপ (মহানগৰ) জিলা প্ৰশাসন তথা আৰক্ষীৰ। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত গাঁত খন্দাৰ দায়িত্বত থকা এ কে কনষ্ট্রাকচন নামৰ প্ৰতিষ্ঠানটোৰ পৰিচালক বি বালাজীক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নুনমাটিস্থিত প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ৰ পৰা পৰিচালক বালাজীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অৱশ্যে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী এম ভেংকেটেশ্বৰ ৰাৱে এই ঘটনাৰ পিছতে আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগত বিদ্যালয়লৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ ছাত্ৰীগৰাকীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ পিছতে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে এ কে কনষ্ট্রাকচনৰ পৰিচালক বালাজীক গ্ৰেপ্তাৰ কৰে। পানীৰ পাইপ সংস্থাপনৰ ক্ষেত্ৰত এ কে কনষ্ট্রাকচনে যাৱতীয় নীতি-নিয়ম উলংঘন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্বাভাৱিকতে যিকোনো পথ খন্দাৰ পূৰ্বে মহানগৰীৰ যান-বাহন আৰক্ষীৰ উপ-আৰক্ষীৰ আয়ুক্তক প্রতিষ্ঠানটোৱে অৱগত কৰিব লাগে, যাতে যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়। কিন্তু এ কে কনষ্ট্রাকচনে গাঁত খন্দাৰ পূৰ্বে যান-বাহন আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ অনুমতি গ্ৰহণ কৰা নাছিল। তদুপৰি পথ খন্দাৰ পূৰ্বে জিএমচি, জিএমডিএ আৰু লোকনিৰ্মাণ বিভাগৰ যৌথ কমিটীৰ পৰা আপত্তিবিহীন প্রমাণ-পত্ৰ লোৱাটো বাধ্যতামূলক। এ কে কনষ্ট্রাকচনে এই কমিটীৰ পৰা আপত্তিবিহীন প্রমাণ-পত্ৰ নোলোৱাকৈয়ে অবাধে মহানগৰীৰ পথ, উপ-পথসমূহত পাইপ সংস্থাপনৰ নামত খনন কাৰ্য অব্যাহত ৰাখিছিল। ইফালে, এই ঘটনাৰ পিছতে গুৱাহাটীত সকলোধৰণৰ খনন কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে। এটা নিৰ্দেশনাৰ জৰিয়তে উপায়ুক্ত পল্লৱ গোপাল ঝাই লোকনিৰ্মাণ বিভাগ (পথ), গুৱাহাটী জলব’ৰ্ড, পাৱাৰগ্ৰীড কৰ্প’ৰেচন অৱ ইণ্ডিয়া, গুৱাহাটী স্মার্ট চিটী লিমিটেডক সকলোধৰণৰ খনন কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।