১৫-১৮ বছৰ বয়সৰ শিশুৰ বাবে ২০০ টা কোভিড-১৯ টিকাকৰণ কেন্দ্ৰ সাজু: পিএমচি
ৰঙিলী বাৰ্ত্তাসেৱা- পুনে পৌৰ নিগমে (পিএমচি) নিশ্চিত কৰিছে যে পুনেত প্ৰায় ২০০ টা কোভিড-১৯ টিকাকৰণ কেন্দ্ৰ ১৫-১৮ বছৰ বয়সৰ লোকসকলক ভেকচিন প্ৰদান কৰিবলৈ সাজু। নাগৰিক সংস্থাৰ বিষয়াসকলে লগতে কয় যে প্ৰয়োজন হ’লে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত টিকাকৰণৰ ব্যৱস্থাও কৰিব পাৰি। ৩ জানুৱাৰীৰ পৰা এই বয়সৰ লোকসকলৰ বাবে টিকাকৰণৰ অনুমতি দিয়া হ’ব বুলি কেন্দ্ৰৰ ঘোষণাৰ পিছত তেওঁলোকে এই কথা কয় ।