মৃত্যু মানে কি? -নিতিষ্মান দাস

Pc Istock

 মৃত্যু মানে কি?

পৃথিৱীৰ একপাকেৰে হয় এক বছৰ,

এনেদৰে বছৰেৰে সমাপ্ত হয় জীৱনৰ।

ব্ৰহ্মাণ্ডৰ একমাত্ৰ সত্য মৃত্যুৱে হয়,

মৃত্যুৰ পাছত শৰীৰৰ অস্তিত্ব নোহোৱা হয়।

হঠাৎ সপোনত দেখিলো এজন মানুহ অচিনাকি,

তেওঁৰ প্ৰশ্ন এইটোৱে যে “মৃত্যু মানে কি?”

মোৰ মৃত্যুত কোনেনো চকুলো বোৱাব,

মোৰ মৃত্যুৰ কথা বাৰু কোনেনো জানিব!

মোৰ মৃত্যুত চাগে সিমান শোক নাথাকিব,

বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কার্য চলি থাকিব।

মোৰ নয়নে হঠাৎ অন্ধকাৰ দেখিব,

সমাজৰ কল্যান কৰিলে মোৰ নাম অমৰ হব।

চাৰিজন মানুহে মোক কান্ধত তুলিব,

আৰু মোৰ আত্মায়ে এখন অজান দেশলৈ গতি কৰিব।

মোৰ শৰীৰতোক এখন চিতাত থব,

পাছত বৰ হেঁপাহেৰে, মোৰ শৰীৰতো জন্মভূমিৰ সৈতে মিহলি হব।

সকলোৱে মোক মনৰ পৰা পাহৰাব,

হয়টো অন্য সুখী জীৱনৰ বাবে, পূণ্য লাভ কৰিব লাগিব।

মই আকাশৰ তৰা হৈ জিলিকিম,

মই ব্ৰহ্মাণ্ডৰ আৰু সন্দৰ্য্য বঢ়াবলৈ চেষ্টা কৰিম।

এই সপোনে মোক বুজালে জীৱনৰ অৰ্থ,

কৰিম এনে কৰ্ম যাতে জীৱন নহয় ব্যর্থ।

-নিতিষ্মান দাস

সপ্তম শ্রেণী