মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰম্পৰাগত “বাৰেচহৰিয়া ভৱন ৰেঞ্জ” নিৰ্মাণ কমপ্লেক্স পৰিদৰ্শন
অনলাইন বাৰ্ত্তাসেৱা – আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰম্পৰাগত “বাৰেচহৰিয়া ভৱন ৰেঞ্জ” নিৰ্মাণ কমপ্লেক্স পৰিদৰ্শন কৰি চতিয়া সমষ্টিৰ অন্তৰ্গত নাগশংকৰত মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা ক্ৰীড়া ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কন্যকা বহুমুখী পামলৈ এটা পথৰ শুভাৰম্ভনী তথা কন্যকা নামঘৰৰ শ্ৰৱণ-কীৰ্তনত প্ৰাৰ্থনা আৰু অন্যান্য বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহত মাননীয় বিধায়ক পীযুষ হাজৰিয়া, পল্লব লোচন দাস, পদ্ম নাৰায়ণ হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, পৃথ্বীৰাজ ৰাভা, কৃষ্ণকমল তাঁতী আৰু গণেশ লিম্বুৰ লগতে স্থানীয় প্ৰশাসনিক বিষয়া আৰু ৰাইজ উপস্থিত আছিল।