মৃত্যু এটি ধ্বনিহীন গীত
নিৰঞ্জন ঠেঙাল
গোলাঘাট, টেঙানী
শূন্য আকাশ
নিৰ্বিকাৰ জননী
তাতে কৰুণ সুৰ যেন লাগে
মৃত্যু!
তথাপি নাজানে বহুতে
নাজানো ময়ো…..
মৃত্যু যেন আমাৰ অৱসৰ।
এটি চৰিত্ৰৰ
এটি ৰূপায়ণৰ…..!
ইয়াত নাথাকে লিখিত সংলাপ,
নাথাকে পৰিকল্পিত অধ্যায়,
তথাপি এয়া নাটক
যাক আমি জীৱন বুলি কওঁ
কষ্ট বুলি হাজাৰ বাৰ উপলুঙা কৰোঁ।
আহে, যায় এজাক পছোৱা যেন বতাহ
কেতিয়াবা দুখৰ বণ্যা সিঁচি যায় নতু সুখৰ…
এই নাটক সুৰহীন
ঝংকাৰহীন,
তথাপি মধুময়
কুৎসিত কেৱল মৃত্যু।
