মাজনিশা গুৱাহাটীৰ ৰাজপথত সুৰামত্ত যুৱতীৰ তাণ্ডৱ

pc- Zim Citizen

মাজনিশা গুৱাহাটীৰ ৰাজপথত সুৰামত্ত যুৱতীৰ তাণ্ডৱ

অনলাইন বাৰ্ত্তসেৱা-  জিএছ ৰোডত গড়কাপ্টানী বিভাগৰ কাম কৰি থকা আঠজনকৈ শ্রমিকক মহটিয়াই নিলে এগৰাকী সুৰামত্ত যুৱতীয়ে। এ এছ-০১ এজি-২১৯৪ নম্বৰৰ বাহনখনেৰে সুৰামত্ত যুৱতীগৰাকীয়ে মহটিয়াই নিয়া শ্ৰমিক কেইজনৰ ভিতৰত দুজন শ্ৰমিকে গুৰুতৰভাৱে আহত হয়। এই গুৰুতৰভাৱে আহত হোৱা শ্ৰমিক দুজনৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই। দুর্ঘটনাটোত আহত এজন শ্রমিকে চিৰজীৱনৰ বাবে দুয়োখন ভৰি হেৰুৱাবলগীয়া হয়। সম্প্ৰতি আহত আঠগৰাকী শ্ৰমিক জিএমচিএইচত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বেলতলাৰ অজন্তা পথ নিৱাসী ৰাজকন্যা বৰুৱা নামৰ যুৱতীগৰাকীয়ে কালি নিশা হোটেল তাজ ভিভান্টাত বাৰ্থ ডেʼ পাৰ্টী কৰি নিশা প্ৰায় ১.৪৫ বজাত গৃহাভিমুখে গৈ থকাৰ সময়তে ৰুক্মিণীগাঁৱত এএছ-২৫ ডিচি-১৫৩৪ নম্বৰৰ শিলভর্তি বাহনখনত খুন্দা মাৰি উক্ত স্থানত কাম কৰি থকা আঠজনকৈ শ্রমিকক মহটিয়াই নিয়ে। সুৰামত্ত যুৱতীগৰাকীয়ে দুৰ্ঘটনাৰ পাছত কৰ্তব্যৰত আৰক্ষীক দুর্ব্যহাৰ কৰাৰ লগতে নিজকে এগৰাকী প্ৰভাৱশালী যুৱতী বুলি চিনাকি দিছিল। ঘটনা সন্দৰ্ভত যান-বাহন শাখাৰ আৰক্ষী চাহিৰ আলীয়ে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ২৭৯/ ৩৩৮/ ২৯৪/ ৩৫৩ ধাৰাৰ অধীনত ৩৬১৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰে। উক্ত গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।