ৰাজ্যত অব্যাহত কৰʼনাৰ সংক্ৰমণ

Pc- Narayana health

ৰাজ্যত অব্যাহত কৰʼনাৰ সংক্ৰমণ

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যত নতুনকৈ ২৪৬ জন লোক কৰʼনাত সংক্ৰমিত হৈছে।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে জনোৱা মতে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৪৪,৫২৮জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। কʼৰনাত সংক্ৰমিত হোৱাসকলৰ ভিতৰত ৭১জন কামৰূপ মহানগৰ জিলাৰ। দিনটোত আক্ৰান্তৰ হাৰ ০.৫৫ শতাংশ। সেইদৰে ৰাজ্যখনত সুস্থ হৈ উঠা লোকৰ হাৰ ১৮.৩১ শতাংশ। ৰাজ্যত নতুনকৈ ৪ জন লোকৰ মৃত্যু হৈছে।