ভাৰতত ২০,৫২৮ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২০,৫২৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৪৯ জনলোকৰ যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা তালিকা অনুসৰি পশ্চিম বংগত সৰ্বাধিক সক্ৰিয় ঘটনা ৩০,৬১৩টা, কেৰালাত ২৪,৬৪৫ টা, তামিলনাডুত ১৭,২২৮ টা আৰু মহাৰাষ্ট্ৰত ১৫,৫২১ টা আছে।