অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়া আৰু ভবিষ্যত-  বৈকুণ্ঠ প্ৰসাদ গোস্বামী

Pc Wikipedia

অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়া আৰু ভবিষ্যত

অসমীয়া জাতিৰ ভবিষ্যতৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি বর্তমান অসমীয়া জাতি ক’ৰ পৰা আহিছে আৰু ইয়াৰ মানসিকতাৰ বিষ্যে আলোচনা কৰিব লাগিব।

মীৰজুমলাৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনৰ দিনলৈকে মুছলমান আৰু মোগলক প্রতিহত কৰিবলৈ যাওঁতে বহুতো প্রকৃত অসমীয়া আৰু সাহসী যোদ্ধাৰ মৃত্যু হয়। ইয়াৰ পিছতে আৰম্ভ হয় মোৱামৰীয়া বিদ্রোহ । স্বৰ্গদেউ লক্ষী সিংহৰ দিনত (১৭৬৯-৮০) প্রথম বিদ্রোহ আৰম্ভ হয়। ২য় বাৰৰ বাবে গৌৰীনাথ সিংহৰ দিনত (১৭৮০-১৭৯৫ চনলৈ) হয়। এই গৃহবিপ্লৱৰ ফলত নিজৰ ভিতৰতে কটা মৰা কৰি এক বৃহৎ সংখ্যক অসমীয়াৰ মৃত্যু হয়। শেষত কেপ্টেইন ওৱেলছৰ বিদ্ৰোহ শাম কাটে। কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ ক্ষতিপূৰণ হোৱাৰ আগতে বদন বৰফুকনৰ জন্ম হয় আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত প্ৰথম মানৰ আক্ৰমণ আৰম্ভ হয়। ১৮২২ খৃষ্টাব্দত মিঙ্গিমাহা তিলোৱাৰৰ নেতৃত্বত ২য় বাৰৰ বাবে আক্ৰমণ কৰে। মানৰ আক্ৰমণ অসমীয়াৰ বাবে এটা সাংঘাটিক দুঃস্বপ্ন আৰু ইয়ে শেষ আঘাট হানি শক্তিশালী অসমীয়া জাতিক সর্বশ্ৰান্ত কৰিলে।

এতিয়া আহোঁ বর্তমান অসমীয়া জাতি গঠনৰ বিষয়ে। মানৰ আক্ৰমণৰ সময়ত ভয়াতুৰ সুবিধাবাদী অসমীয়া বিলাক পলাই গৈ হাবিয়ে জংঘলে বা কাষৰীয়া ৰাজ্যত আশ্রয় ললে। আন সুবিধাবাদী কিছুমানে নিজকে মানৰ পৰা বচাবলৈ মানৰ সাজ পিন্ধি আংকৰা-বাংকৰা ভাষা কৈ অসমীয়া মানুহকে কাটি নিজৰ জীবন বচালে। যি সকল প্ৰকৃত বীৰ আৰু অসমপ্রেমী আছিলে তেওঁলোকে যুদ্ধকৰি প্ৰাণত্যাগ কৰিলে।

শেষত বৃটীছক মাতি আনি অসম খন মানৰ হাতৰ পৰা মুক্ত কৰা হল। যি সময়ত ইংৰাজ অসমত সোমাইছিলে সেই সময়ত অসমত মতামানুহৰ সংখ্যা বহুত কম আছিলে। মাইকী মানুহ, বুঢ়া আৰু লৰাছোৱালীৰ সংখ্যাই বেছি আছিলে। চৰিওফালে খালি মাটি পৰি আছে। অসমৰ ছন পৰি থকা মাটিত খেতি কৰিবলৈ ইংৰাজে পূৰ্ব্ববঙ্গৰ পৰা মুছলমান আৰু চাহবাগান পাতিবৰ বাবে ভাৰতবৰ্ষৰ পৰা আদিবসী মানুহ আনি অসমত বহুৱাইছিলে।

ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে বর্তমান অসমীয়া জাতিতো, অর্থাৎ আমি পলৰীয়া, ভয়াতুৰ আৰু সুবিধাবাদী মানুহ কিছুমানৰ উত্তৰপুৰুষ, যিয়ে ওপৰুক্ত বিপদৰ দিনত যেনেতেনে প্রকাৰেৰে নিজকে বচাইছিলে। গতিকে অসমীয়া জাতিৰ প্ৰতি ,দেশৰ প্ৰতি, ভাষাৰ প্ৰতি আমাৰ দায়বদ্ধতা কিমান হব সি সহজে অনুমেয়। তাৰ মাজতে কিছুমান সৎ, সাহসী আৰু দেশপ্রেমী লোকৰ বীজ কাৰবাৰ মাজত থাকি গল বাবেই অসমীয়া জাতিটো আজিও জীয়াই আছে। বর্তমান অসমীয়া মানুহৰ সৰহসংখ্যকেই সুবিধাবাদী, স্বাৰ্থপৰ আৰু জাতিৰ প্রতি কোনো দায়বদ্ধতা নথকা বিধৰ।

বর্তমান প্রতিখোজতে অসমীয়াৰ নিজৰ জাতিৰ প্ৰতি কিমান অনীহা সেইটো প্ৰকাশ পায়। যদি আমি ৰাজনীতিৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে জাতীয়াতবাদ বা সাধাৰণ মানুহৰ দুখৰ নাম, বা অসমৰ কেতিয়াও মীমাংসা নোহোৱা সমস্যাৰ নাম লৈ প্ৰত্যেক ৰাজনীতিকে নিজৰ সম্পত্তিৰ পাহৰ গোটোৱাত লাগিছে। অইনৰ কথা বাদ দিলো, ২০০৯ চনৰ লোকসভাৰ নিৰ্ব্বাচনৰ সময়ত সাংসদ সকলৰ সম্পত্তিৰ হিচাবত অসমৰ জনসাধাৰণৰ দল অসম গণপৰিষদৰ প্ৰাক্তন সাংসদ কেইজনে কৰপৰা পালে কোনোবাই হিচাব কৰিবনে? সাধাৰণ সহজ সৰল জনজাতীয় লোকসকলক উচতাই আন্দোলন কৰি বিধায়কে বিয়ত খৰছ কৰা কোটী কোটী টকাত সাধাৰণ লোকৰ তেজ লাগি থকা নাইনে ? কাৰ্বি আংলংৰ সাধাৰণ জনতাক বলিৰ পঠা বলাই নেতা পালি নেতাই লাহ বিলাহৰ জীৱন যাপন কৰিবলৈ আৰু সুদৃশ্য অট্টালিকা বনাবলৈ টকা কৰ পৰা পালে। এই বিলাক হল আমাৰ জাতীয় বীৰৰ উদাহৰণ। বেলেগ ৰাজনীতিকৰ কথা নকও আৰু।

আমিচকুমুদা কুলি। মানুহে টকা ঘটিছে, গড়ী দৌৰাইছে, ইটোতকৈ সিটোৰ ভেটি ওখ কৰি সুদৃশ্য দালান বনাইছে কেনেকৈ আমি নাচাও। মানুহৰ নৈতিক চৰিত্ৰৰ কোনো মূল্য নাই। টকা আছে কাৰণে আমিমাতি আনি বিহু কমিটীৰ সভাপতি, সাহিত্য সভাৰ উপদেষ্টা আদি পদত অধিষ্ঠিত কৰিছো। ইয়াত নৈতিকতাৰ প্ৰয়োজন নাই। কেনেকৈ ঘটে মুঠতে টকা আৰু সম্পত্তিৰ প্ৰযোজন। এনেকুৱা বহুত কথা আছে আমি পিছত আলোচনা কৰি

অসমীয়াৰ বৰ্তমান প্রজন্মৰ প্ৰধান সমস্যা হৈছে কামৰ প্ৰতি অনীহা। কর্ম সংস্কৃতি নাথাকিলে কোনো জাতি জীয়াই থাকিব নোৱাৰে। বৰ্তমান অসমীয়া লৰা ছোৱালীয়ে অলপ পঢ়াশুনা কৰিলেই খেতি বাতি কৰিবলৈ লাজ কৰে৷ পশ্চিমীয়া সস্তীয়া সংস্কৃতিয়ে সকলোকে আকৰ্ষিত কৰিছে। মটৰ চাইকেল, মোবাইল , মদ সকলোৰে ফেশ্যন হৈ পৰিছে। সৰা ছোৱালী বিলাকে বাহিৰা পইছা থকা চাকৰি এটাৰ বাবে মাটি বাৰী বিক্রি কৰি দালালৰ পিছে পিছে ঘুৰি ফুৰে। বহুত সৰ্বশ্ৰান্ত হোৱা দেখা গৈছে। চাকৰি নাপালে বাহিৰৰ পৰা বস্তুবিলাকৰ ওপৰত টেক্স লৈ, টেণ্ডাৰ আদিৰ কামত মধ্যভোগী হৈ এটা স্বচ্ছল জীৱন যাপন কৰি আছে আৰু ইয়াৰ ফলত সাধাৰণ গ্রাহকে দূৰ্ম্মুল্যৰ দুর্ভাগ্য ভুগিব লগীয়া হৈছে।

অসমত নিজাকৈ কাম কৰি সুন্দৰকৈ চলি থাকিব পৰাকৈ এতিয়াও বহুত পথ খোলা আছে। কিন্তু আমাৰ যুৱচামৰ কামকৰাৰ মানসিকতা নাই। দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ বহা চৰকাৰী কাৰ্য্যালয় এটাত চাকৰি এটা লৈ বাহিৰা পইছা ঘটাৰ স্বপ্নত সকলো বিভোৰ। অসমৰ এই বিবগিন্ন কামৰ সুবিধাবিলাক লৈ আছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহিলাকে। পৰাপক্ষত আমি অসমৰ উদ্যোগী যুবক এজনক নকৰি দুপইছা পোৱাৰ আশাত বাহিৰৰ মানুহক যিমান পাৰো সুবিধা কৰি দিছো।

এলাহ আৰু সময়ৰ অপব্যৱহাৰ অসমৰ উন্নতিৰ আন এটা প্ৰধান অন্তৰায়। পৃথিবীৰ ভিতৰত হয়তো অসমীয়াৰ নিচিনা এলেহুৱা জাতি পোৱা নাযাব, যিয়ে কামতকৈও আমোদ-প্রমোদত সময় কটাই ভাল পায়। সময়ৰ জ্ঞানৰ বিষয়ে কবই নালাগে। গাড়ী, বাছ, অফিচ সকলোতে অসমীয়াৰ সময়ৰ প্ৰতি আওকণীয়া স্বভাৱটো ওলাই পৰে। এবাৰ এজন চৰকাৰী বিষয়াৰ ঘৰত বহি থাকোতে ১০ বাজিবৰ হোৱাত তেওঁ কৈছিলে যে ১০ বজাৰ পৰা তেওঁৰ অফিচৰ ডিউটী আৰম্ভ হয়। অফিচ ডিউটী আৰম্ভ হয় তেওঁ অফিচলৈ যাবলৈ ডাড়ি কটাৰে, পিছত গা-পা ধুই পুজা কৰি, ভাতপানী খাই ওলাই যায় অফিচলৈ। এই বিলাক তেওঁৰ অফিচৰ কাম, কাৰণ অফিচ যাবলৈহে এই বিলাক কৰে৷ গতিকে তেওঁ কেইবজাত গৈ অফিচ পায় সি সহজে অনুমেয়। কেন্দ্ৰীয় কৰ্ম্মচাৰীৰ সমহাৰত দৰমহা বিচাৰি থকা এই মানুহবিলাকে কেন্দ্রীয় কাৰ্য্যালয়ৰ কৰ্ম্মচাৰীৰ কাম আৰু ৰাজ্যিক কৰ্ম্মচাৰীৰ কামৰ তুলনা কৰিলে মুখৰ মাত নাইকীয়া হব। সময়ৰ মূল্য যদি বুজি নাপায় তেতিয়াহলে ব্যক্তি বা জাতি কাৰো উন্নতি হব নোৱাৰে। অসমৰে পণ্ডিতপ্ৰবৰ স্বৰ্গীয় কৃষ্ণকান্ত সন্দিকৈ দেৱে মাত্র ৫ মিনিট পলম কৰা বাবে ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্রী জৱাহৰাল নেহেৰুক লগ নিদিলে বুলি শুনিবলৈ পোৱা যায়।

মাত্র ১০ টা বছৰ যদি অসমৰ সকলো আমোলা বিষয়া, ৰাজনীতিক, ব্যৱসায়ী বা সাধাৰণ মানুহে কোনো আপোছ নকৰাকৈ অসমীয়া জাতিৰ (অসমীয়া জাতি মানে অকল অসমীয়া ভাষা কোৱা মানুহক বুজোৱা নাই। অসমত থকা কাৰ্বি, মিৰি, কছাৰী বড়ো, দেউৰী, পমুৱা মুছলমান আদিক লৈ অসমতে থাকি অসমকে মোৰ বুলি লোৱা সকলো মানুহৰ কথা কোৱা হৈছে।) উন্নতিৰ বাবে কাম কৰিব বুলি উৎসৰ্গা কৰে, তেনেহলে অসমীয়া জাতি পৃথিৱীৰ ভিতৰতে এটা অদ্বিতীয় জাতি হব। আমাৰ কি নাই? প্রাকৃতিক প্ৰাচুৰ্য্যৰে ভৰপুৰ ৰাজ্যখনত অভাৱ মাথো সৎভাবে ৰাজ্যৰ উন্নতিৰ বাবে কাম কৰাৰ মানসিকতা। উঠি অহা নতুন প্ৰজন্মক এতিয়াৰ পৰাই ক্ষুদ্র জাতীয় সত্তা বাদ দি বৃহৎ অসমীয়া জাতিৰ ভাবিবলৈ শিক্ষা নিদিও তেনেহলে বৃহৎ অসমীয়া জাতিৰ লগতে ক্ষুদ্র জাতিবোৰো বিশ্বৰ বুকুত নিঃচিন্ন হৈ যাব। বৃহৎ জাতি সত্তা জীয়াই থাকিলেহে ক্ষুদ্র জাতিবোৰ ভাৰ মাজতে জীয়াই থাকিব৷

আমাৰ আত্মসমালোচনাৰ খুব প্রয়োজন। আত্মসমালোচনা নহলে আত্মশুদ্ধি নহয়। কুমাৰ ভাস্কৰবৰ্ম্মাই হিউয়েন চাঙক অসমলৈ নপঠালে নালন্দা বিশ্বদ্যিালয় ধূলিৰ লগত মিলাই দিম বুলি দিয়া ভাবুকি বা লাচিত বৰফুকনৰ দেশতকৈ মোমাই ডাঙৰ নহয় বাণী আওৰাই সন্তুষ্টি লভাৰ দিন নাই। এইয়া আত্মসমালোচনাৰ আৰম্ভণি মাত্র।

আজি পাঞ্জাবী বিলাকে নিজকে বুৰ্বক বুলি বহুতো খুহুটীয়া কাহিনীৰ সৃষ্টি কৰিছে। কিন্তু ভাৰতবৰ্ষৰ এতিয়া আটাইতকৈ শক্তিশালী জাতি হল পাঞ্জাবী। (আগলৈ)

 বৈকুণ্ঠ প্ৰসাদ গোস্বামী