ভাৰতত ২ বিলিয়নতকৈও অধিক লোকক কোভিড-১৯ টিকাকৰণৰ পালি প্ৰদান

Pc Free Press Journal

ভাৰতত ২ বিলিয়নতকৈও অধিক লোকক কোভিড-১৯ টিকাকৰণৰ পালি প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৬ জানুৱাৰী ২০২১ৰ পৰা দেশত টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ১৮ মাহৰ ভিতৰত ভাৰতত ২ বিলিয়নতকৈও অধিক লোকক কোভিড-১৯ টিকাকৰণৰ পালি প্ৰদান কৰা হৈছে। কোউইন তথ্য অনুসৰি, ১,০১,৯০,৭৩,৮৯১ লোকক প্ৰথম টিকাকৰণ পালি আৰু ৯২,৫৯,২৬,৮৮০ লোকক দ্বিতীয় টিকাকৰণ পালি প্ৰদান কৰা হৈছে। প্ৰায় ৫,৫০,১৪,৮৬০ জনলোকক সাৱধানতাৰ পালিও প্ৰদান কৰা হৈছে।