চীনৰ ৱাং ঝি য়িক পৰাস্ত কৰি ছিংগাপুৰ অপেন জয় পি ভি সিন্ধুৰ

Pc free Press Journal

চীনৰ ৱাং ঝি য়িক পৰাস্ত কৰি ছিংগাপুৰ অপেন জয় পি ভি সিন্ধুৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুবাৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে ছিংগাপুৰ অপেনৰ ফাইনেলত চীনৰ ৱাং ঝি য়িক ২১-৯, ১১-২১, ২১-১৫ ত পৰাস্ত কৰি ছিংগাপুৰ অপেনৰ খিতাপ অৰ্জন কৰে।এই বছৰৰ সিন্ধুৰ এইটো  তৃতীয় খিতাপ। ২৭ বছৰীয়া সিন্ধুয়ে ছিংগাপুৰ অপেন জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় মহিলা বেডমিণ্টন খেলুৱৈ হিচাপে পৰিগণিত হয়। ছাইনা নেহৱাল ২০১০ চনত ছিংগাপুৰ অপেন জয় কৰা প্ৰথম ভাৰতীয় মহিলা শ্বাটলাৰ হৈছিল।